নিউজ ডেস্কঃ বিগত কেইবাদিন ধৰি পৰি থকা নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি আজিৰে পৰা অনিৰ্দিষ্টকাললৈ যোৰহাট-মাজুলীৰ মাজত ফেৰী সেৱা বন্ধ কৰি দিয়া হৈছে। পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰা পৰ্যন্ত ফেৰী সেৱা স্থগিত ৰখাৰ কথা অৱগত কৰিছে মাজুলী জিলা প্ৰশাসনে।
লগতে পঢ়কঃভাৰত-বাংলাদেশ সীমান্তবৰ্তী অঞ্চলত আৰক্ষীৰ ড্ৰাগছ আৰু জুৱা বিৰোধী অভিযান

উল্লেখ্য যে, ১৫ মে’ৰ পৰা বন্ধ হৈ আছিল মাজুলী-নিমাতীঘাটৰ ফেৰী সেৱা। বুধবাৰৰ পৰা ফেৰী সেৱা পুনৰ আৰম্ভ কৰা হৈছিল যদিও অবিৰত বৰষুণৰ ফলত বৃদ্ধি পোৱা জলপৃষ্ঠৰ ফলত ৰাইজৰ সুৰক্ষাৰ বাবে আকৌ জল পৰিবহণ বিভাগ ফেৰী সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত লয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply