যোৰহাটঃ দক্ষিণ যোৰহাট বাঘচোঙৰ চিত্ৰশিল্পী যতীন গগৈ নিৰুদ্দেশ । পঞ্জাৱৰ জী-জোঁৱাইৰ ঘৰলৈ যোৱাৰ পথত নিৰুদ্দেশ চিত্ৰশিল্পী গৰাকী।

যোৱা ৯ নৱেম্বৰত মৰিয়নি জংচনত প্ৰায় পঞ্চাশ ঊৰ্ধ্বৰ ব্যক্তিজন দিনৰ ১১.৩০ বজাত অমৃতসৰ ৰেলগাড়ীত উঠিছিল। আত্মীয়ই ফোনত সন্ধিয়া প্ৰায় ৭.৩০ বজালৈকে গুৱাহাটী ষ্টেচন পোৱাৰ খবৰ পায়। তাৰপাছত সংযোগবিহীন হয়।

লগতে পঢ়কঃআজাৰাত চলন্ত গাড়ীত অগ্নিকাণ্ড

ইফালে, জী-জোঁৱাইৰ পৰিয়াল ১২ নৱেম্বৰত পঞ্জাৱৰ অমৃতসৰ ষ্টেচনত ৰৈ আছিল তেওঁক আগবঢ়াই নিবলৈ। কিন্তু যতীন গগৈক বিচাৰি নাপালে। চিত্ৰশিল্পী যতিন গগৈৰ সৰু জী দিম্পী গগৈ (কুমাৰী) কেইমাহমানৰ আগতে যোৰহাটত পৰিচিত হৈ পঞ্জাৱৰ অমৃতসৰৰ যুৱকৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল।

যতিন গগৈ পত্নী নিকুমণি গগৈসহ ইয়াৰ পূৰ্বে পঞ্জাৱলৈ গৈ আনুষ্ঠানিক বিবাহ কাৰ্যত ভাগ লৈ আহিছিল। এইবাৰ অকলে গৈছিল জীয়েক দিম্পীক আনিবলৈ। যিহেতু দিম্পী গগৈয়ে উচ্চ শিক্ষাৰ বাবে স্বামীৰ সৈতে বিদেশলৈ যাবলৈ নথি-পত্ৰ উলিয়াবৰ বাবে অসমলৈ আহিব লগীয়া হৈছিল।

পত্নীয়ে ৰে’লৱে আৰু অসম আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰিছে। কোনো কোনোৱে মহাৰাষ্ট্ৰত ম’বাইল ফোনৰ স্থিতি পোৱা বুলি কৈছে যদিও যতীন গগৈৰ কোনো সম্ভেদ পোৱা নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply