নিউজ ডেস্ক : ছাত্ৰ নেতা অনিমেষ ভূঞা হত্যাকাণ্ড তথা ঘটনাৰ মূল অভিযুক্ত নিৰজ দাস ওৰফে ক’লা ল’ৰাৰ আৰক্ষীৰ জিম্মাত ঘটা মৃত্যুৰ শীঘ্ৰে ন্যায়িক তদন্তৰ দাবী জনাইছে অসম নাগৰিক সমাজে।
এক প্ৰেছ বিবৃতি জৰিয়তে অসম নাগৰিক সমাজে যোৱা ৩০ নৱেম্বৰত যোৰহাটত সংঘটিত অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ ঘটনাত উদ্বেগ প্ৰকাশ কৰি ‘জনসাধাৰণক সুৰক্ষা আৰু নিৰাপত্তা’ দিয়াত আৰক্ষী তথা প্ৰশাসন চূড়ান্তভাৱে ব্যৰ্থ হৈছে বুলি উল্লেখ কৰে।
সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত অসম নাগৰিক সমাজৰ হৈ সভাপতি হৰেকৃষ্ণ ডেকা, কাৰ্য্যকৰী সভাপতি অজিত কুমাৰ ভূঞা, সাধাৰণ সম্পাদক পৰেশ মালাকাৰ আৰু উপ সভাপতি প্ৰশান্ত ৰাজগুৰুয়ে ঘটনাটোত আৰক্ষীৰ ভূমিকাক গৰিহণা দিয়ে।
”এজন ডেকা ল’ৰাক এদল মানুহে মৰিয়াই মৰিয়াই মাৰি পেলালে৷ পুলিচে একো কৰিব নোৱাৰিলে৷ যোৰহাট চহৰৰ মানুহো নিৰ্বিকাৰ হৈ থাকিল৷ ই পুলিচ প্ৰশাসনৰ চূড়ান্ত ব্যৰ্থতা৷ কিয়নো জনসাধাৰণক সুৰক্ষা আৰু নিৰাপত্তা দিয়াটো তেওঁলোকৰ প্ৰধান কৰ্তব্য৷ পুলিচৰ এই ব্যৰ্থতাক আমি নিন্দা কৰোঁ আৰু গৰিহণা দিওঁ৷” বিবৃতিটোত কোৱা হয়।
ইয়াৰ উপৰি যোৰহাটৰ দৰে চহৰ এখনত দিন দুপৰতে এনে ঘটনা ঘটাৰ পিছতো তাত উপস্থিত থকা মানুহবিলাক ‘নিৰ্বিকাৰ’ হৈ থকা ঘটনাত আক্ষেপ প্ৰকাশ কৰি তেওঁলোকে লগতে কয়, ”এইটো আমাৰ সামাজিক জীৱনৰ এক অৱক্ষয় আৰু নাগৰিক হিচাপে আমাৰ গুৰুতৰ ব্যৰ্থতা৷”
আনহাতে ঘটনাটোৰ সৈতে জড়িত মূল অভিযুক্ত নিৰজ দাসৰ আৰক্ষীৰ জিম্মাত থকা অৱস্থাত ঘটা মৃত্যুত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিবৃতিটোত কয়, ”ঘটনাটোৰ লগত জড়িত মূল অভিযুক্ত ব্যক্তিজনক পুলিচে গ্ৰেপ্তাৰ কৰিলে আৰু পুলিচৰ হাতৰ পৰা পলাবলৈ চেষ্টা কৰোঁতে গাড়ীৰ খুন্দাত তেওঁৰ মৃত্যু হোৱা বুলি কোৱা হ’ল৷ যি পৰিস্থিতিত অভিযুক্ত ব্যক্তি গৰাকীৰ মৃত্যু হৈছে, তাৰ পৰা অনুমান হয় ঘটনাটো যেন পূৰ্ব পৰিকল্পিত আছিল৷ আমি এনেদৰে বিশ্বাস কৰিবলৈ বাধ্য হৈছোঁ কিয়নো যোৱা সময়ছোৱাত এনেকৈ অপৰাধীক হত্যা কৰাটো অসম আৰক্ষীৰ বাবে যেন এটা নিয়মত পৰিণত হৈছে।”
”সমাজত শান্তি- শৃংখলা বৰ্তাই ৰখা আৰু সাধাৰণ মানুহক নিৰাপত্তা দিয়াত ব্যৰ্থ হোৱা আৰক্ষীয়ে এনেকৈ বিনা বিচাৰে অভিযুক্তক মৃত্যুদণ্ড দিয়াটো এটা অতি ভয়াবহ প্ৰৱণতা৷ অসম আৰক্ষীক কোনে এই ক্ষমতা দিলে?” বিবৃতিত কোৱা হয়।
লগতে পঢ়ক : সন্দিকৈ ছোৱালী মহাবিদ্যালয় মাইক্ৰ’ কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা