যোৰহাট পৌৰসভাৰ নবনিৰ্বাচিত এগৰাকী পাৰিষদৰ বিৰুদ্ধে পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ ভুৱা মাৰ্কচিট দাখিলৰ অভিযোগ। তথ্য জনা আইনৰ অধীনত লাভ কৰা তথ্যএই কথা ফাদিল হয়। কংগ্ৰেছৰ সংবাদ মেলত এই কথা নথি পত্ৰসহ উল্লেখ কৰে।

মাৰ্কশ্বীট জাল কৰি ৫ নং ৱাৰ্ডৰ পৰা পৌৰ সদস্য হোৱা ব্যক্তিজন হ’ল অগপৰ ৰঞ্জিত শইকীয়া ।
সদ্যসমাপ্ত নিৰ্বাচনত অগপ প্ৰাৰ্থী ৰূপে পৌৰ নিৰ্বাচনত অৱতীৰ্ণ হৈ মাত্ৰ ২৫ টা ভোটৰ ব্যবধানত ত জয়ী হৈছিল ৰঞ্জিত শইকীয়া।
যোৰহাট প্ৰেছ ক্লাবত যোৰহাট কংগ্ৰেছ পৰা এক সংবাদ মেল অনুষ্ঠিত কৰি সকলো তথ্য ফাদিল কৰে।
সংবাদ মেল যোগেদি অভিযোগ উত্থাপিত কৰি কংগ্ৰেছে দাবী কৰে যে ৰঞ্জিত শইকীয়াই দাখিল কৰা ৰোল ৪৯৬ নম্বৰ ১০২৫ আৰু পঞ্জীয়ন নম্বৰ ১১৪৩৮ , ১৯৯২ বৰ্ষত কোনো পৰীক্ষাৰ্থীক দিয়া হোৱা নাছিল।
এতিয়া এই গৰাকী নিৰ্বাচিত প্ৰতিনিধিৰ ওপৰত নিৰ্বাচন আয়োগে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰে সেইয়া হব লক্ষণীয়।।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply