স্মৃতি প্ৰিয়া লাহন, টীয়কঃ তেজপুৰত যোৱাকালি অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বীৰ লাচিত মৈডাম পৰ্যটন প্ৰকল্প নিৰ্মাণৰ বাবে প্ৰায় ডেৰশ কোটি টকা অনুমোদন জনালে। যাক লৈ এতিয়া সকলো উৎফুল্লিত হৈ পৰিছে।

উল্লেখ্য যে, যোৱা ২১ নৱেম্বৰ, ২০২১ তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা যোৰহাট জিলাৰ টীয়ক সমষ্টিৰ অন্তৰ্গত লাহদৈগড় হোলোঙাপাৰস্থিত ঐতিহাসিক বীৰ লাচিত মৈডাম প্ৰাংগণত উপস্থিত হৈ বীৰজনাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ অৰ্থে অনতি পলমে উক্ত স্থান বীৰ লাচিত পৰ্যটন ক্ষেত্ৰ গঢ় দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। আৰু প্ৰায় ৬ মাহৰ পাছত হিমন্ত বিশ্ব শৰ্মাই সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰাত আনন্দিত যোৰহাটবাসী।

জাতীয় বীৰ গৰাকীৰ আদৰ্শ সৌৰ্য বিৰ্য বিশ্ব দৰবাৰত চিনাকী কৰি দিয়াৰ বাবে ৰাজ্য চৰকাৰে ৫০ বিঘা ভূমি সামৰি যি অভিলাষী প্ৰকল্প হাতত লৈছে এয়া অসমৰ বাবে অতি আদৰণীয় বুলি সকলোৱে মন্তব্য কৰিছে। ইফালে, ব্যস্ততাৰ মাজতে কথা দি কথা ৰখাৰ বাবে এতিয়া লাচিত মৈডাম সংৰক্ষণ সমিতি, স্থানীয় দল-সংগঠন তথা ৰাইজে মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই অনতি পলমে প্ৰকল্পটো আৰম্ভ কৰি শেষ হোৱা পৰ্যন্ত নিজে তদাৰক কৰি সপোনৰ প্ৰকল্পটি গঢ় দিবলৈ সকলোৱে মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply