যোৰহাটঃ যোৰহাটৰ প্ৰাক্তন আছু নেতা তথা সমাজকৰ্মী গোপাল দত্তক বৃহস্পতিবাৰে সন্ধিয়া বিশাল মেগা মাৰ্টৰ নিৰাপত্তাৰক্ষীয়ে মাৰপিত কৰি আহত কৰাৰ ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখ্য যে, গোপাল দত্তই তেওঁৰ পত্নীৰ সৈতে বিশালত বজাৰ কৰিবলৈ যাওঁতে তেওঁৰ স্কুটিৰ হেলমেটতো এজন নিৰাপত্তাৰক্ষীক চাবলৈ কৈছিল। ইয়াতেই ক্ষুণ্ণ হৈ দত্ত বজাৰ কৰি ওলাই অহাৰ পিছত দত্তৰ সৈতে নিৰাপত্তাৰক্ষীয়ে তৰ্কা-তৰ্কি লাগে আৰু কেইবাজনো নিৰপত্তাৰক্ষীয়ে লগ হৈ দত্তক মাৰপিত কৰি গুৰুতৰভাৱে আহত কৰে।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গোপাল দত্তক উদ্ধাৰ কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসাৰ বাবে লৈ যায়।ছাত্র নেতা তথা সমাজকৰ্মীজনৰ এনে আক্ৰমণৰ কাৰ্যত যোৰহাটত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আজি যোৰহাটৰ বিশাল মেগা মাৰ্টৰ সন্মুখত বীৰ লাচিত সেনাৰ লগতে বিভিন্ন দল-সংগঠনে দোষীৰ শাস্তিৰ দাবী জনাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰক্ষীয়ে ইতিমধ্যে এই ঘটনাৰ লগত জড়িত দুজন নিৰাপত্তাৰক্ষীক আটক কৰিছে।

লগতে পঢ়কঃপুনৰ আন্নাৰ আন্দোলনৰ পৰিকল্পনা : ডঃ দিব্যজ্যোতি শইকীয়াই জনালে স্বাগতম

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,881 other subscribers

Leave a comment

Leave a Reply