যোৰহাটঃ যোৰহাট পুলিবৰ আৰক্ষীৰ অভিযানত উদ্ধাৰ এটা বৃহৎ ওজনৰ গঁড়ৰ খৰ্গ।
আৰক্ষীয়ে এক বিশেষ সূত্ৰে কাজিৰঙা দিশৰ পৰা গঁড়ৰ খৰ্গটো লৈ যোৰহাটলৈ দুজন যুৱক আহি থকাৰ বিষয়ে জানিব পাৰি পুলিবৰ থানাৰ অন্তৰ্গত কলাখুৱা অঞ্চলত অভিযান চলাই গঁড়ৰ খৰ্গসহ দুজন যুৱকক আটক কৰিবলৈ সক্ষম হয়।
আটকাধীন সূৰ্য দাস আৰু বলোৰাম ভূঞা নামৰ লোক দুজনক আৰক্ষীযে জেৰা অব্যাহত ৰাখিছে।
লগতে পঢ়কঃজাগীৰোডৰ ধৰমতুলত শোকাৱহ পথ দুৰ্ঘটনা,নিহত শিশুসহ মহিলা
পুলিবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চিত্তৰঞ্জন বুঢ়াগোহাঁইৰ নেতৃত্বত চলিছিল এই অভিযান।
পুলিবৰ আৰক্ষীয়ে এই বিষয়ত তদন্ত অব্যাহত ৰাখিছে বুলি জানিব দিয়ে l