নিউজ ডেস্ক: জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ মৃত্যু । আজি পুৱা ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছে । বৰ্তমান দৈনিক কাকত ‘নিয়মীয়া বাৰ্তা’ৰ সহযোগী সম্পাদক আছিল পূৰ্বজ্যোতি চুতীয়া।
নিজ ঘৰৰ সন্মুখতে উদ্ধাৰ হৈছে চুতীয়াৰ মৃতদেহ। হাতীগাঁও শেৱালি পথৰ বাসিন্দা আছিল সাংবাদিক চুতীয়া। মৃতদেহত আঘাতৰ চিন নাই বুলি উল্লেখ কৰিছে হাতীগাঁও আৰক্ষীয়ে। পুৱা প্ৰায় ৭ বজাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো।জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ ৰহস্যজনক মৃত্যু; নলাৰ পৰা উদ্ধাৰ মৃতদেহ ।
ক্ৰীড়া সাংবাদিক হিচাবে কৰ্মজীৱন আৰম্ভ কৰা পূৰ্বজ্যোতি চুতীয়াই আমাৰ অসম, আজিৰ দৈনিক বাতৰি, জনসাধাৰণ আদি বহু কেইখন কাকতত কাম কৰিছিল ।পৰিয়ালৰ লোকে জনোৱা অনুসৰি ঘৰৰ তললৈ মাজনিশা পানীৰ মটৰৰ চুইছ দিবলৈ নামি আহিছিল চুতীয়া। তাৰ পাছতে সন্ধানহীন হৈ আছিল চুতীয়া।
পাছত ঘৰৰ সন্মুখৰ নলাত প্ৰত্যক্ষ কৰে তেওঁৰ মৃতদেহ।পৰিয়ালৰ লোকে হত্যাৰ সন্দেহ কৰে। আৰক্ষীয়ে প্ৰাথমিক তদন্তত আঁঠুত চোঁচৰা দাগ প্ৰত্যক্ষ কৰিছে। সাংবাদিক গৰাকীৰ এনে আকস্মিক ৰহস্যজনক মৃত্যুত ৰাজ্যখনৰ সংবাদ জগতত শোকৰ ছাঁ পৰিছে।