মাৰ্ঘেৰিটা: মাকুম পথাৰ যুৱ সংঘৰ উদ্যোগত আজি মাৰ্ঘেৰিটাৰ মহকুমাৰ যুৱ সাংবাদিক মানস প্ৰতিম গগৈক আজি সম্বৰ্ধনা জ্ঞাপন কৰে। প্ৰায় ১১ বছৰে সংবাদসেৱাৰে সমাজক সেৱা আগবঢ়াই অহাৰ চিহ্ন স্বৰূপে যুৱ সাংবাদিক মানস প্ৰতিম গগৈৰ মাৰ্ঘেৰিটা ১নং মাকুম পথাৰস্থিত বাসগৃহত উপস্থিত হৈ সংগঠনটোৱে এই সন্মান জনায়।
মাৰ্ঘেৰিটা মাকুম পথাৰ যুৱ সংঘৰ সভাপতি ৰিক্কি শৰ্মা আৰু সম্পাদক ৰিদিপ ৰাজখোৱাৰ নেতৃত্ব অহা দলটোৱে সাংবাদিক মানস প্ৰতিমক এখন ফুলাম গামোচা, এটা ফুলাম জাপি আৰু সম্বৰ্ধনা পত্ৰৰে এই সন্মান প্ৰৰ্দশন কৰে।
সংগঠনটোৰ সভাপতি ৰিক্কি শৰ্মাই কয় যে গনতন্ত্ৰৰ চতুৰ্থস্তম্ভ স্বৰূপ সংবাদ মাধ্যমৰ এজন সক্ৰিয় সাংবাদিক হিচাপে মানস প্ৰতিম গগৈয়ে বিভিন্ন সময় বিভিন্ন ঘাটপ্ৰতি ঘাতৰ মাজেৰে সংবাদসেৱা আগবঢ়াই আহিছে। সেইয়ে তেখেতক উৎসাহিত কৰাৰ লগতে অনাগত দিনত অধিক সক্ৰিয় ভাৱে সংবাদ সেৱাৰে সমাজত সেৱা আগবঢ়াই যাব পাৰে তাকেই কামনা কৰিছে।
উল্লেখ যে মাৰ্ঘেৰিটা মাকুম পথাৰ যুৱ সংঘই অঞ্চলটোত সময়ে সময়ে সামাজিক, সাংস্কৃতিক বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি অহাৰ লগতে বিভিন্ন সমাজ সচেতন ব্যক্তিক সম্বৰ্ধনা জনাই আহিছে।
লগতে পঢ়ক- তিনি বছৰীয়া কন্যা সন্তানসহ মাতৃৰ আত্মহত্যা