মানকাচাৰঃ ‘আজি সন্ধিয়াৰ ভিতৰত ২০ হাজাৰ টকা দিয়ক নহ’লে বাতৰি প্ৰচাৰ কৰিম । টকা নিদিলে কাইলৈ পুৱাৰ ভিতৰত আপোনাৰ কাৰখানাটোও বন্ধ কৰি চীল কৰি দিম।’- এই বিস্ফোৰক মন্তব্যৰ এটা ভিডিঅ’ ভাইৰেল হৈছে মানকাচৰত।

এটা ব্যক্তিগত খণ্ডৰ সামাজিক মাধ্যমৰ সাংবাদিকৰ এনে মন্তব্যই মানকাচৰত সংবাদ মাধ্যমক কালিমা সানিছে দুজনকৈ তথাকথিত সাংবাদিকে।

এখন ৱেব পৰ্টেলৰ মানকাচৰৰ সাংবাদিক তুষাণ আলমৰ সহযোগী ফটো সাংবাদিক ৰাশেলে পূৰ্বে দাবী কৰা ২০ হেজাৰ টকা এটা কাৰখানাৰ মালিকৰ পৰা ল’বলৈ গৈছিল। কিন্তু মালিক জনৰ প্ৰশ্ন, কোনে পঠাইছে তোমাক । তথাকথিত ফটো সাংবাদিক জনৰ উত্তৰ সাংবাদিক তুষাণ আলমে পঠাছে মোক। কাৰখানাৰ মালিক পক্ষ আৰু তথা কথিত ফটো সাংবাদিক ৰাশেলৰ মাজত প্ৰায় ৪ মিনিট ধৰি ধন লেনদেনৰ কথোপকথন হয়।

ইফালে মালিক পক্ষৰ দাবীৰ ভিত্তিত তথাকথিত সাংবাদিক ৰাশেলে মানকাচৰত সংবাদ মহলক বদনামী কৰা সাংবাদিক তুষাণ আলমক ফোন কৰি কিমান টকা লম বুলি প্ৰশ্ন কৰাত তেওঁ ২০ হেজাৰ টকা দিলেহে বাতৰি নকৰো বুলি বিস্ফোৰক মন্তব্য কৰে। এই সমগ্ৰ ভিডিঅ’ পিছফালৰ পৰা মালিক পক্ষই গোপনে সংগ্ৰহ কৰে।

এই দুই সাংবাদিকে কিয় ৰাইচ মিলৰ মালিকৰ পৰা ধন দাবী কৰি ভয়-ভাবুকি দেখুৱাইছে? দৰাচলতে মানকাচৰৰ নিউ মাৰ্কেটত থকা এটা ব্যক্তিগত ৰাইচ মিলত হঠাত মানকাচৰ আৰক্ষীয়ে সুলভ মূল্যৰ চৰকাৰী চাউলৰ বিৰুদ্ধে অভিযান চলাইছিল। আৰক্ষীয়ে মিলটোত প্ৰায় ৬-৭ বস্তা সুলভ মূল্যৰ চৰকাৰী চাউল উদ্ধাৰ কৰে।

লগতে পঢ়কঃনাজিৰা প্ৰশাসনে চীল কৰিলে এপ’ল’ ফাৰ্মাচী

মানকাচৰত যিসকল লোকে সুলভ মূল্যৰ চাউলৰ ভাত নাখায় সেই সকল লোকৰ ঘৰে ঘৰে গৈ এগৰাকী মহিলাই সুলভ মূল্যৰ চাউল ক্ৰয় কৰি পিঠাগুৰিৰে পিঠা পনা বনাই বিক্ৰী কৰি উপাৰ্জনৰ ধনেৰে পৰিয়ালক পোহপাল দিয়ে।

স্বামীৰ বেমাৰ হোৱাৰ ফলত মহিলা গৰাকীয়ে এই উপাৰ্জনৰ পথ বাছি লৈছে। বিষয়টো আৰক্ষীয়ে তদন্ত কৰাৰ পাছত অভিযান সমাপ্ত কৰিছে। কিন্তু এই সুযোগতে মানকাচৰৰ দুই তথাকথিত সাংবাদিক তুষাণ আলম আৰু ৰাশেল এইদৰে মালিক পক্ষৰ পৰা ধন দাবী কৰি মিল বন্ধ কৰি দিয়াৰ ভয় ভাবুকি দিয়া ঘটনাক লৈ মালিক পক্ষৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মালিক পক্ষই বিষয়টো লৈ গোচৰ দিয়াৰ যো-জা চলাই থকা পৰিলক্ষিত হৈছে।

লক্ষণীয় বিষয় যে, মানকাচৰৰ এই তথাকথিত সাংবাদিক তুষাণ আলমক আৰক্ষীয়ে বিভিন্ন গোচৰৰ লগতে বজাৰত গুণ্ডামি কৰি ব্যৱসায়ী এজনক মাৰপিট কৰাৰ অপৰাধত জেললৈ প্ৰেৰণ কৰিছিল। দীৰ্ঘ দিনৰ পৰা তেওঁ এইদৰে সহযোগীৰ সৈতে বিভিন্ন ঠাইত ধন দাবী কৰি সংবাদ মাধ্যমক কলুষিত কৰা ঘটনাক লৈ মানকাচৰৰ সংবাদ মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,526 other subscribers

Leave a comment

Leave a Reply