ধনশিৰিঃ অসমৰ ৰাজ্যিক মন্ত্ৰী পিয়ুষ হাজৰিকাই ফোনযোগে দুজনকৈ সংবাদ কৰ্মীক মৃত্যুৰ ভাবুকি দিয়া ঘটনাই সমগ্ৰ অসমতে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
শনিবাৰে ধনশিৰি মহকুমা ডিজিটেল সাংবাদিক সংস্থা আৰু ধনশিৰি মহকুমা সাংবাদিক সংস্থাই ধনশিৰি মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত কলা বেজ পৰিধান কৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।
সাংবাদিকৰ নিৰাপত্তাৰ কথা কোৱা মুখ্যমন্ত্ৰী সোণোৱাল চৰকাৰৰ মন্ত্ৰীসভাৰ এজন দায়িত্বশীল মন্ত্ৰীয়ে সাংবাদিকক কৰা অভব্য আচৰণৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাজ্যৰ সাংবাদিক সমাজ।
এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি মন্ত্ৰী পীযুষৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় সাংবাদিকসকলে। লগতে মন্ত্ৰী পীযুষ হাজৰিকাৰ এনে ভাবুকিত অসমৰ সাংবাদিকৰ কলম-কেমেৰা স্তব্ধ নহয় বুলি সকিয়াই দিয়ে।
ধনশিৰি মহকুমা ডিজিটেল সাংবাদিক সন্থাই ধনশিৰি মহকুমাৰ মহকুমাধিপতি মহোদয়ৰ যোগেদি ৰাজ্যপাল মহোদয়লৈ স্মাৰক পত্ৰ প্ৰদান কৰে