বোকাখাতৰ পৰা উত্তম কুমাৰ শৰ্মা: ৰাষ্ট্ৰপতিৰ কাজিৰঙা ভ্ৰমণৰ সময়তে সাংবাদিকক অশোভনীয় আচৰণ গোলাঘাটৰ আৰক্ষী অধীক্ষকৰ। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদত বহিল সংবাদকৰ্মীসকল। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ দুদিনীয়া কাজিৰঙা ভ্ৰমণসূচীৰ সময়ছোৱাত প্ৰশাসনৰ সকলো নিৰ্দেশনা মানি চলি সংবাদকৰ্মী সকলে বাতৰি সংগ্ৰহ কৰি আহিছিল।
যদিও কাৰ্যসূচীৰ দ্বিতীয় তথা শেষৰ দিনটোৰ পুৱাবেলাতে কাজিৰঙাৰ কহঁৰা বনাঞ্চলৰ মিহিমুখ প্ৰৱেশদ্বাৰৰ সমীপত গোলাঘাট জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে সংবাদকৰ্মীক কৰা অশোভনীয় আচৰণত ক্ষোভ প্ৰকাশ কৰাৰ লগতে উক্ত কাৰ্যৰ বিৰোধীতাৰে কহঁৰা আৰক্ষী চকীৰ সন্মুখত প্ৰতিবাদত বহে সংবাদকৰ্মী সকল।
বিষয়টোৰ সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ গোলাঘাট জিলাৰ উপায়ুক্ত গৰাকীৰ লগতে আৰক্ষী সঞ্চালক প্ৰধান ,বোকাখাতৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাৰ লগতে তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।
বোকাখাত মহকুমা সাংবাদিক সন্থাৰ অন্তৰ্গত, কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাই।অন্যথা পৰৱৰ্তী সময়ত আৰক্ষীৰ প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ গঢ়ি তুলিব বুলিব জনাই অসম ৰাজ্যিক সংবাদিক সন্থাই।
লগতে পঢ়ক- কুঠৰীৰ আইদেউ প্ৰেমদা ফুকনৰ দেহাৱসান