গুৱাহাটী : বিশিষ্ট সাংবাদিক, সাংস্কৃতিক কর্মী, কাৰেংঘৰ থিয়েটাৰৰ প্রযােজক সােণমণি দত্ত যােৱা ৬ ছেপ্তেম্বৰৰ পৰা গুৰুতৰভাৱে অসুস্থ হৈ গুৱাহাটীৰ হেলথচিটি হাস্পতালৰ আইচিইউত ভৰ্তি হৈ আছে। সাংবাদিক গৰাকীক প্রথমে দিছপুৰ হাস্পাতালৰ আইচিইউত ভৰ্তি কৰা হৈছিল যদিও স্বাস্থ্যৰ অধিক অৱনমিত হােৱাত হেলথচিটিলৈ স্থানান্তৰিত কৰা হয়।

উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক সােণমণি দত্তই শিৱসাগৰৰ পৰা প্রকাশিত কলম কাকত সম্পাদনা কৰাৰ ওপৰিও সাপ্তাহিক কৃষকবন্ধু, অসম সেতু, সূর্য, স্বাভিমান, দৈনিক বাতৰি কাকত আদি কাকত আলােচনীৰ সম্পাদনা কৰাৰ লগতে অসমীয়া প্রতিদিন ‘আজি’ বুধবাৰ আদি বিভিন্ন কাকতলৈ সাংবাদ সেৱা আগবঢ়াই আছিল আৰু বর্তমানে নিউজ ২৪ নর্থ ইষ্ট নামৰ চেনেল এটাৰাে মুখ্য সম্পাদক দায়িত্ব পালন কৰি আছিল।

অসমৰ ভ্রাম্যমান নাট্যজগতৰ আগশাৰীৰ নাট্যদল কাৰেংঘৰ থিয়েটাৰৰ প্রযােজক সােণমণি দত্তই কাৰেংঘৰ থিয়েটাৰৰ যােগেদি বিভিন্ন গণমুখী কামকাজৰ লগতে নিজে ৰচনা কৰা নাটকৰ যোগেদি এক নতুন সােৱাদ কঢ়িয়াই আনিছিল নাট্যজগতলৈ। তদুপৰি অসমৰ জনপ্রিয় সাংস্কৃতিক সংগঠন সাৰেগামা সুৰবাহিনীৰ সঞ্চালক সােণমণি দত্তই অসম তথা পূর্বাঞ্চলৰ শান্তি সম্প্রীতি গঢ়িবলৈ বিভিন্ন মঞ্চত গীতে নাচে বিগত বহু বছৰ চেষ্টা অব্যাহত ৰাখিছিল আৰু অসমৰ নতুন প্রতিভাক জিটিভি, কালার্চ, চনি চিভি আদি ৰাষ্ট্ৰীয় মঞ্চলৈ উলিয়াই নিয়াৰ বাবেও অগ্রনী ভূমিকা পালন কৰিছিল।

লগতে পঢ়ক : তেজপুৰত ভুৱা প্ৰেমিক আটক

ইটালীৰ ৰােম নগৰীত সােণমণি দত্তই গ্রীনিজ বুক অৱ ৱল্ড ৰেকৰ্ড অনুষ্ঠানত অংশলৈ ভাৰত আৰু অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল। গঁড় আৰু অৰণ্য সুৰক্ষাৰ বাবেও সােণমণি দত্তই গ্রহণ কৰি আহিছে বিভিন্ন গণমুখী কার্যসূচী। ক’ভিড পৰিস্থিতিৰ বাবে আর্থিকভাৱে ভাগি পৰা ঘৰখনৰ একমাত্র আয়ৰ উৎস প্রতিভাবান যুৱকজনৰ উন্নত চিকিৎসাৰ বাবে বর্তমান প্রয়ােজন হৈছে আর্থিক সহযােগিতা। অসমৰ বিভিন্ন শিল্পী, দলসংগঠন আদিয়ে যুৱকজনক আর্থিক সহযোেগ আগবঢ়াবলৈ চৰকাৰক অনুৰােধ জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply