গুৱাহাটী : ‘আসাম বিলাসিনী’ কাকত প্রকাশৰ ডেৰশ বছৰ উপলক্ষে আয়ােজিত বিশেষ অনুষ্ঠান, নতুন গ্রন্থৰ উন্মােচনী তথা লেখক-সাহিত্যিক-গ্রন্থপ্রেমীৰ সৃষ্টিশীল আড়াৰে মুখৰিত হৈ পৰে অসম প্রকাশন পৰিষদ আৰু পুথি প্রকাশক আৰু বিক্রেতা সংস্থাই যৌথভাৱে চানমাৰিস্থিত অসম অভিযান্ত্রিক প্রতিষ্ঠান খেলপথাৰত আয়ােজন কৰা অসম গ্রন্থমেলাৰ তৃতীয় দিনটো। গ্রন্থমেলাৰ মূল মঞ্চত আয়ােজন কৰা অসমীয়া সমাজ আৰু জাতীয় চেতনাৰ উন্মেষত আসাম বিলাসিনীৰ ভূমিকা শীর্ষক আলােচনা সত্র উদ্বোধন কৰি বিশিষ্ট লেখক-সমালােচক ড° গােৱিন্দ প্রসাদ শর্মাই কয় ‘মিছনেৰীসকলৰ ধর্মপ্রচাৰৰ সত্তা বুদ্ধিজীৱী সত্তাৰ ওচৰত তল পৰিছিল। ইয়াৰ পৰৱর্তিত তেতিয়াৰ কলিকতাৰ পৰা ছপা যন্ত্র মগাই আনি ব্ৰহ্মপুত্ৰ বুকুৰে নাৱেৰে আৰু তাৰ পাছত হাতীৰ পিঠিত ইয়াক তুলি নি মাজুলীৰ পৰা আসাম বিলাসিনী প্রকাশৰ সমগ্র প্রক্রিয়াটোৱে আছিল এক প্রত্যাহ্বানমূলক কাম। কিন্তু এই প্রত্যাহ্বান অতিক্রম কৰি আউনীআটি সত্ৰৰ অধিকাৰ দত্তদেৱ গােস্বামীয়ে আজিৰ পৰা ডেৰশ বছৰ পূর্বেই অসমীয়া ভাষাক নতুন গতি দিয়াৰ লগতে অসমীয়া সমাজক আধুনিক জগতৰ সন্ধান দিছিল। ই যথার্থতে আছিল এক জাতীয়তাবাদী কৰ্মৰ আশাব্যঞ্জক ভেটি।

ৰাজ্যিক তথ্য আয়ােগৰ আয়ুক্ত সমুদ্রগুপ্ত কাশ্যপে পৰিচালনা কৰা এই গভীৰ আৰু মনােজ্ঞ অনুষ্ঠানত আলােচক ৰূপে অংশগ্রহণ কৰি বিশিষ্ট লেখক-গৱেষক ড° পৰ্মানন্দ মজুমদাৰে কয় যে আসাম বিলাসিনীয়ে অসমীয়া সমাজত যুক্তিবাদী সমালােচনাৰ বাট মুকলি কৰিছিল। আনহাতে যােৰহাটৰ পৰা প্রকাশিত আসাম বিলাসিনীৰ দ্বিতীয় শৃংখলাৰ সাপ্তাহিক আসাম বিলাসিনী আছিল জাতীয় চেতনাৰে উদ্বুদ্ধ আৰু ধৰ্মনিৰপেক্ষ। ব্রিটিছ শাসকৰ প্রতি আসাম বিলাসিনীৰ বিৰােধ নাছিল। কিন্তু দ্বিতীয় শৃংখলা যােৰহাটৰ পৰা ছপা হওঁতে চৰকাৰৰ ৰােষত পৰিবলগীয়া হৈছিল। সাপ্তাহিক আসাম বিলাসিনীয়ে অসমীয়া সমাজক উদ্বুদ্ধ কৰিছিল। তদুপৰি প্ৰত্যাহ্বান নেওচি এয়া আছিল আশা প্রতিষ্ঠাৰাে এক উল্লেখনীয় স্তৰ। এইদৰেও কয় ড° মজুমদাৰে। এই অনুষ্ঠানত আন এগৰাকী আলােচক ৰূপে অংশগগ্ৰহণ কৰে অসম প্ৰকাশন পৰিষদে প্রকাশ কৰা ‘আসাম বিলাসিনী’ৰ একত্র সংকলনৰ সম্পাদক লেখকগৱেষক ড° প্রাঞ্জল শর্মা বশিষ্ঠই। ড° শৰ্মা বশিষ্ঠই কয় যে ১৮৭১ চনৰ পৰা প্রকাশিত প্রথম শৃংখলাৰ আসাম বিলাসিনী পাবলৈ নাই। সেয়েহে ১৯১৪ চনৰ পৰা ১৯২৪ চনলৈ প্রকাশিত দ্বিতীয় শৃংখলা অর্থাৎ সাপ্তাহিক আসাম বিলাসিনীৰ প্রাপ্ত সংখ্যাসমূহহে সংকলিত কৰিব পৰা হৈছে।

এই সংখ্যাসমূহৰ বিষয়ে আলােকপাত কৰি ড° শৰ্মাই কয় ‘আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকলক প্রত্যাহ্বান জনাইছিল প্রথম শৃংখলাৰ আসাম বিলাসিনীৰ জৰিয়তে। দ্বিতীয় শৃংখলাসমূহত পােৱা যায় জাতীয়তাবাদৰ জিলিঙনি। ইয়াত সেই সময়ৰ ব্রিটিছ বিৰােধী জাতীয় সংগঠনসমূহক ইতিবাচকভাৱে গুৰুত্ব প্রদান কৰা হৈছিল। তদুপৰি দুৰ্নীতিৰ বিৰুদ্ধে আৰু প্রশাসনিক সংস্কাৰৰ ক্ষেত্ৰতাে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল আসাম বিলাসিনীয়ে। তেওঁ লগতে আসাম বিলাসিনীক অসমীয়া জাতীয় জীৱনৰ নতুন চিন্তাৰ চানেকি বুলি অভিহিত কৰে। ইপিনে অনুষ্ঠানটোৰ পৰিচালক সমুদ্রগুপ্ত কাশ্যপে কয় যে সত্ৰৰ অসমব্যাপী এক নিজস্ব প্রভাৱ বা নেটৱৰ্ক আছিল। ইয়ে বাহিৰৰ পৰা বুটলি অনা পৰম্পৰাক আগুৱাই নিছিল। আসাম বিলাসিনীয়ে এই ক্ষেত্ৰত ঐতিহাসিক ভূমিকা গ্রহণ কৰিছিল। ছপা যন্ত্রটোক ‘ধর্মপ্রকাশ যন্ত্র’ নাম দিও সেই সময়ৰ সমাজ জীৱন আৰু সমসাময়িক ঘটনাৱলীক তুলি ধৰি আসাম বিলাসিনীয়ে সংবাদ তথা সামাজিক দায়বদ্ধতাৰ ক্ষেত্ৰত মানুহক নতুন দিগন্তৰ সম্ভেদ দিছিল। এই ক্ষেত্ৰত উচ্চ পর্যায়ৰ গৱেষণাৰে বহু অনাৱিষ্কৃত ঘটনা তথা তথ্য উদ্ধাৰৰ সম্ভাৱনা আছে বুলি কয় তথ্য আয়ুক্ত কাশ্যপে। আসাম বিলাসিনীত বিজ্ঞাপন প্রকাশৰ প্রসংগ উত্থাপন কৰি তেওঁ কয় ‘বিজ্ঞাপন প্রকাশৰ পৰাই প্রমাণ পােৱা যায় যে আসাম বিলাসিনীৰ ৰাজহুৱা প্ৰভাৱ আছিল। এইবােৰ অতি গুৰুত্বপূর্ণ বিষয়। আজিৰ পৰা ডেৰশ বা এশ বছৰ আগেয়ে হােৱা এই ঘটনা স্বাভাৱিকতে ঐতিহাসিক।

লগতে পঢ়ক  : নতুন বছৰৰ প্ৰথম দিনাই বৈষ্ণোদেৱী মন্দিৰত পদপিষ্ট হৈ ১২ জনৰ মৃত্যু

উল্লেখ্য যে আটাইকইেগৰাকী আলােচকে জাতীয় চেতনা উন্মেষত আসাম বিলাসিনীৰ গুৰুত্ব অপৰিসীম বুলি ঐক্যমত প্রকাশ কৰে। ইপিনে অসম গ্রন্থমেলা প্রাংগণত আজি কেবাখনাে নতুন গ্রন্থ উন্মােচিত হােৱাৰ লগতে হােমেন বৰগােহাঞি সভাঘৰত দুপৰীয়াৰ ভাগত অনুষ্ঠিত হয় মত বিনিময় অনুষ্ঠান। অভিজ্ঞান অনুৰাগৰ ‘সাদিনৰ টাইম কেপচুল’ শীর্ষক গ্ৰন্থখনক বিষয় কৰি আয়ােজিত এই অনুষ্ঠানত অংশগ্রহণ কৰে সদ্যঘােষিত সাহিত্য অকাডেমি বঁটাপ্রাপক বিশিষ্ট সাহিত্যিক-সাংবাদিক অনুৰাধা শর্মা পূজাৰী, শিশু সাহিত্যত সাহিত্য অকাডেমি বঁটাপ্রাপক মৃণাল কলিতা, বিশিষ্ট লেখক-ঔপন্যাসিক ফণীন্দ্র কুমাৰ দেৱ চৌধুৰী, বিশিষ্ট সাহিত্যিক প্রভাত গােস্বামী আদিয়ে। একেটা সভাঘৰতে সন্ধিয়া উন্মােচিত হয় পাপু লেফুটিবেছৰ ‘জার্নি অৱ এ মিউজিচিয়ান’ শীর্ষক গ্ৰন্থখন। জনপ্রিয় কণ্ঠশিল্পী জুবিন গাৰ্গ উন্মােচক ৰূপে উপস্থিত থকা এই অনুষ্ঠানত শ্রোতাদর্শক ঠাহ খাই পৰে। তদুপৰি আজি বছৰৰ শেষ দিনটোত অসম গ্রন্থমেলাত পৰিলক্ষিত হয় গ্রন্থানুৰাগীৰ সমাৱেশ। বছৰৰ শেষ দিনটো গ্রন্থমেলাতে উদ্যাপন কৰিবলৈ দ্বাৰ মুকলি হােৱাৰ সময়ৰে পৰা নিশা ৮ বজা পর্যন্ত গ্রন্থানুৰাগীয়ে ভিৰ কৰে চানমাৰি বাকৰিত। আজি অসম গ্রন্থমেলাৰ তৃতীয় দিনাৰ সমাৱেশ দেখি লেখক-প্রকাশকসকলে আগন্তুক দিনকেইটাত গ্রন্থ বিক্ৰীৰ হাৰ উৎসাহজনক হ’ব বুলি আশা প্রকাশ কৰিছে। উল্লেখ্য কাইলৈ খ্রীষ্টীয় নৱবর্ষ ২০২২ চনৰ পহিলা জানুৱাৰীত অসম গ্রন্থমেলাত অনুষ্ঠিত হ’ব যুৱ লেখকৰ আকর্ষণীয় সাহিত্যানুষ্ঠান ‘উন্মীলন। এই অনুষ্ঠান উদ্বোধন কৰিব বিশিষ্ট সাহিত্যিক ড° ৰীতা চৌধুৰীয়ে আৰু অনুষ্ঠান পৰিচালনা কৰিব জ্যেষ্ঠ লেখক-সাংবাদিক নৱ ঠাকুৰীয়াই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply