বিলাসীপাৰাঃ বিলাসীপাৰা বৈদ্যুতিক উপ-সংমণ্ডল কাৰ্যালয়ত নিয়োজিত এজন কনিষ্ঠ অভিযন্তা আৰু কৰ্মচাৰীৰ বিৰুদ্ধে মহিলাক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে। ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলাৰ থানাত গোচৰ। কঠোৰ শাস্তি প্ৰদানৰ দাবী।

বিলাসীপাৰা বৈদ্যুতিক উপ-সংমণ্ডলৰ অধীনস্থ উদমাৰী ৫ম খণ্ড গাঁৱত সংঘটিত হৈছে এই জঘন্য ঘটনা। গাঁও খনৰ বাসিন্দা তথা বিদ্যুৎ গ্ৰাহক আজিজুল ৰহমানৰ ঘৰত উপ সংমণ্ডলটোৰ কনিষ্ঠ অভিযন্তা খৰ্গেশ্বৰ শইকীয়াই বিভাগীয় কৰ্মচাৰীসহ বুধবাৰে উপস্থিত হয়।

বিদ্যুতৰ চাৰ্ভে কৰিবলৈ আহি ঘৰত অকলে থকা ৰহমানৰ পত্নীক কনিষ্ঠ অভিযন্তাজনে আৰু এজন কৰ্মচাৰীয়ে গুপ্ত স্থানত হাত দিয়াৰ লগতে যৌন আতিশয্য চলোৱায় বুলি ভুক্তভোগী মহিলাগৰাকীয়ে জানিবলৈ দিয়ে।

লগতে পঢ়কঃঅৰুণাচলৰ টিৰাপত NSCNৰ বিৰুদ্ধে সেনা-আৰক্ষীৰ অভিযান

পিছত পুৰুষ দুজনৰ কবলৰ পৰা কোনো মতে মুক্ত হৈ মহিলাগৰাকী ঘৰৰ আন এটা কোঠাত গৈ তেওঁৰ স্বামীক ফোন যোগে মাতি পঠায়। অলপ নিলগত থকা ৰহমান ঘৰ পোৱাত অভিযন্তাসহ কৰ্মচাৰীজন গুচি যায়।

পৰৱৰ্তী সময়ত ঘটনাৰ বিষয়ে মহিলাগৰাকী স্থানীয় লক্ষীগঞ্জ আৰক্ষী চকীত লম্পট দুজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। সেই মতে আৰক্ষীয়ে ৮৬৪/২১ নম্বৰত আৰু ৪৪৭/২৯৪/৩৫৪ বি/৩৪ ধাৰাত গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰে।

ভুক্তভোগী পৰিয়ালটিয়ে ঘটনাত জড়িত দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী তুলিছে। আনহাতে ঘটনা সন্দৰ্ভত সাংবাদিকৰ আগত কোনো মুখ খোলা নাই অভিযুক্তই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply