নিউজ ডেস্কঃ অৱশেষত কাৰাগাৰলৈ প্ৰেৰণ কৰা হ’ল এছ আই জোনমণি ৰাভাক। ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰৰণ জোনমণি ৰাভাক। কিছু সময়ৰ আগতে মাজুলী আৰক্ষীয়ে গেপ্তাৰ কৰিছিল তেওঁক।

গেপ্তাৰ কৰা কিছু সময়ৰ পাছতেই ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে SI জোণমনি ৰাভাক। ভাবি স্বামী ৰাণা পগাগৰ প্ৰবঞ্চনাৰ লগত নাম সাঙুৰ খাইছিল জোণমনি ৰাভাৰ।

YouTube video

যাৰ প্ৰৰিপ্ৰেক্ষিতত যোৱা বৃহস্পতিবাৰৰ পৰা জোণমনি ৰাভাক জেৰা কৰিছিল মাজুলী আৰক্ষীয়ে। আৰু অৱশেষত আজি ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় ৰাভাক ।

ভাবি স্বামী ৰাণা পগাগক মাজুলীৰ একাংশ লোকৰ সৈতে জোনমণি ৰাভাই অএনজিচিৰ বিষয়া বুলি চিনাকি দি কৰিছিল লাখ লাখ টকা আত্মসাৎ।

উল্লেখ্য যে, ঠিকা প্ৰদানৰ প্ৰলোভনেৰে দালাল ৰাণাৰ যোগেদি কেইবা লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰি মাজুলীৰ দুগৰাকী ব্যৱসায়ীয়ে ৰাণা পগাগৰ বিৰুদ্ধে গড়মূৰ থানাত ৰুজু কৰিছিল গোচৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply