গুৱাহাটী : অসম কংগ্ৰেছত খহনীয়া। ইজনৰ পিছত সিজন নেতা-কৰ্মীয়ে কংগ্ৰেছ দল এৰিছে। এফালে শুকুৰবাৰৰ দিনটোত মৰিয়নীৰ কংগ্ৰেছ দলৰ বিধায়ক ৰুপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ ত্যাগ কৰে আনফালে কংগ্ৰেছ নেত্ৰী জুৰি শৰ্মা বৰদলৈয়ে ত্যাগ কৰে কংগ্ৰেছ। দল ত্যাগ কৰাৰ পূৰ্বে এক সংবাদ মেল অনুষ্ঠিত কৰি কংগ্ৰেছ দলৰ নেতৃত্বক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ নেত্ৰী গৰাকীয়ে। জুৰি শৰ্মা বৰদলৈৰ লগতে ১৫০ ৰো অধিক তৃণমূল পৰ্যায়ৰ কৰ্মীয়ে কংগ্ৰেছ ত্যাগ কৰা বুলিও জানিবলৈ দিয়ে জুৰি শৰ্মা বৰদলৈয়ে।
সংবাদ মেলত জুৰি শৰ্মা বৰদলৈয়ে কয় “নেতৃত্বৰ খোৱা কামোৰা, স্বজন-প্ৰীতিত এতিয়া বিধ্বস্ত হৈছে কংগ্ৰেছ দল। কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্বৰ মাজত এতিয়া দলক শক্তিশালী কৰাৰ পৰিবৰ্তে ক্ষমতা দখল কৰাৰ চেষ্টাতহে এচাম নেতা ব্যস্ত হৈ পৰিছে।” কংগ্ৰেছ নেত্ৰী গৰাকীয়ে অসমত কংগ্ৰেছ দলটোক আগুৱাই নিয়াৰ ক্ষেত্ৰৰ বৰ্তমানৰ নেতৃত্ব সম্পূৰ্ণ ব্যৰ্থ হৈছে বুলিও সংবাদ মেলত কয়।
ইফালে ৰাহুল গান্ধীকো তীব্ৰ সমালোচনা কৰে জুৰি শৰ্মা বৰদলৈয়ে। জুৰি শৰ্মা বৰদলৈয়ে কয় যে ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছ দল কেতিয়া মোৰ দাঙি উঠিব নোৱাৰে। ভাৰতবর্ষৰ ইমূৰৰ পৰা সিমূৰলৈ দলৰ নেতা-কৰ্মীৰ অধিক সংখ্যকেই ৰাহুল গান্ধীৰ নেতৃত্ব মানি চলিব নোখোজাৰ পিছতো গান্ধী পৰিয়ালৰ তৃষ্টিকৰণত ব্যস্ত এচাম নেতাই ৰাহুল গান্ধীকেই দলৰ সৰ্বময় কর্তা ৰূপে প্ৰতিষ্ঠিত কৰি ৰাখিব বিচাৰিছে বুলিও কয় জুৰি শৰ্মা বৰদলৈয়ে।
বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ কৰ্মকর্তা সকলে এ আই ইউ ডি এফৰ লগত কংগ্ৰেছ দলৰ মিত্ৰতাৰ বিৰোধিতা কৰিছিল যদিও একাংশ নেতাৰ বাবাই এই মিত্ৰতা হ’ল। এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছ দলক অসমত নিঃশেষ কৰিলে বুলিও কয় জুৰি শৰ্মা বৰদলৈয়ে। কংগ্ৰেছ দলৰ ভিতৰত এতিয়া গণতন্ত্ৰ নাই আৰু দলটো এতিয়া ধৰ্মনিৰপেক্ষ দল হৈ থকা নাই বুলিও কয় জুৰি শৰ্মা বৰদলৈয়ে।
জুৰি শৰ্মা বৰদলৈয়ে কয় যে কংগ্ৰেছ দলৰ ভিতৰৰ সমস্যা সমূহৰ বিষয়ে আমি বহুবাৰ উচ্চ পৰ্যায়ৰ নেতৃত্বক অৱগত কৰিছিলোঁ কিন্তু আমাৰ অভিযোগ সমূহৰ প্ৰতি দলৰ উচ্চ পৰ্যায়ৰ নেতা সকলৰ কোনো গুৰুত্ব নাই। এজন এজনকৈ বহু ভাল নেতাই দলটো এৰি গৈ আছে কিন্তু ইয়াকলৈ কেন্দ্ৰীয় নেতৃত্বই কোনো দিনাই জানিবলৈ চেষ্টা কৰা নাই যে কিয় এই নেতা সকলে দল এৰিছে। দুই এজন নেতাই মাত্ৰ এতিয়া দলটো পৰিচালনা কৰাৰ চেষ্টা চলাই আছে বুলিও কয় জুৰি শৰ্মা বৰদলৈয়ে।
লগতে পঢ়ক : বিধায়ক পদ ত্যাগ কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে, বিজেপিত যোগদানৰ যো জা
২৯ বছৰে কংগ্ৰেছ দলৰ লগত থাকি কাম কৰি আছে জুৰি শৰ্মা বৰদলৈক কংগ্ৰেছ ত্যাগ কৰাৰ পূৰ্বৰ কিছু আবেগিক হৈ উঠা পৰিলক্ষিত হয়। জুৰি শৰ্মা বৰদলৈৰ লগতে আজি ১৫০ গৰাকীতকৈও অধিক কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ কৰ্মীয়ে দল ত্যাগ কৰে বুলিও জানিবলৈ দিয়ে জুৰি শৰ্মা বৰদলৈয়ে। উল্লেখ্য যে জুৰি শৰ্মা বৰদলৈয়ে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত পশ্চিম গুৱাহাটী সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকটত প্ৰতিদ্বন্দিতা কৰিছিল।