গুৱাহাটী : মানাহ বৰপেটাৰোড সংযোগী পথত এক ভয়াবহ পথ দুর্ঘটনা সংঘটিত হৈছে। স্কুটি আৰু মেজিকৰ মাজত হোৱা মুখামুখী সংঘর্ষৰ ফলত স্কুটি আৰোহীজন গুৰুত্বৰভাৱে আহত হৈছে। ইফাকে নগাঁও জিলাৰ জুৰীয়াত টাটা মবাইলৰ খুন্দাত থিতাতে নিহত হয় এজন বাইক আৰোহী।
শুকুৰবাৰে মানাহ বৰপেটাৰোড সংযোগী পথ আৰু জুৰীয়াত পৃথকে পৃথকে দুটাকৈ পথ দুর্ঘটনা সংঘটিত হয়। মানাহ বৰপেটাৰোড সংযোগী পথৰ ওপৰত হোৱা পথ দুর্ঘটনাত এজন লোক গুৰুত্বৰভাৱে আহত হোৱাৰ পৰিবৰ্তে জুৰীয়াত সংঘটিত হোৱা পথ দুৰ্ঘটনাত নিহত হয় এজন লোক।
মানাহ বৰপেটাৰোড সংযোগী পথত এখন দ্ৰুত বেগী মেজিক আৰু স্কুটিৰ মাজত মুখামুখী হোৱা সংঘৰ্ষত স্কুটি আৰোহীজন গুৰুত্বৰভাৱে আহত হয়। আহত স্কুটি আৰোহীজন বৰপেটা জিলাৰ কাটাঝাৰৰ লক্ষণ ঘোষ বুলি জানিব পৰা গৈছে। লক্ষণ ঘোষক স্থানীয় ৰাইজে আৰক্ষীৰ সহযোগত সংকটজনক অৱস্থাত চিকিৎসালয়ৈ প্ৰেৰণ কৰে।
ইফালে নগাঁও জিলাৰ জুৰীয়াৰ বলিকটীয়া পথত টাটা মবাইলৰ খুন্দাত থিতাতে নিহত হয় এজন বাইক আৰোহী। জুম্মাৰ নামাজ পঢি মছজিদৰ পৰা উভতি থকা সময়ত ইছমাইল হুছেইন নামৰ বাইক আৰোহীজনক তীব্ৰ বেগী টাটা মবাইল এখনে খুন্দা মাৰে। মৃত ইছমাইল হুছেইনৰ ঘৰ ধিংবৰী চাপৰীত বুলি জানিব পৰা গৈছে।