জুৰীয়াঃ জুৰীয়াত আনন্দ মিশ্ৰ বাহিনীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান। জুৰীয়াৰ কদমনি পথাৰ গাঁৱত ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানত আটক এটা কুখ্যাত ড্ৰাগছ ব্যৱসায়ী।

জুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অদিথ বড়োৰ নেতৃত্বত চলা অভিযানত ১৪টা ড্ৰাগছ ভৰ্ত্তি কন্টেইনাৰ, নগদ ১২৪০ টকা জব্দ কৰাৰ লগতে এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰে।

লগতে পঢ়কঃসোণাৰি জাতীয় বিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ সামৰণি

ধৃত ড্ৰাগছ ব্যৱসায়ীজন জুৰীয়াৰ কদমনি পথাৰ গাঁৱৰ জালাল উদ্দিন। দীৰ্ঘদিন ধৰি নিষিদ্ধ ড্ৰাগছৰ অবৈধ বেহা চলাই আহিছিল ধৃত জালাল উদ্দিনে।

গোপন সূত্ৰৰ পম খেদি জুৰীয়া আৰক্ষীয়ে ড্ৰাগছ সহ আটক কৰিবলৈ সক্ষম হয় ড্ৰাগছ ব্যৱসায়ীটোক। সম্প্ৰতি ড্ৰাগছ ব্যৱসায়ীটো আটক কৰি জুৰীয়া আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply