ৰূপহীহাট : জুৰীয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ চেষ্টা।শহুৰেকৰ ঘৰত জোৱায়েকক ডিঙিৰেপি হত্যাৰ চেষ্টা। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য।
নগাঁও জিলাৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত কলনি জলাহত চোকা অস্ত্ৰৰে ডিঙি কাটি গুৰুতৰভাৱে আহত কৰিলে এজন লোকক। দেওবাৰে নিশাৰ ভাগত সংঘটিত হোৱা এই কাণ্ডত আহত হোৱা লোকজনৰ নাম মাইনুল হক। প্ৰচুৰ ৰক্তক্ষৰণ হোৱাত নিশায়েই সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আইচিইউত ভৰ্তি কৰা হয় মাইনুল হক।
নিশা ঘৰৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ পিছতে মাইনুল হকক দুৰ্বৃত্তই অপহৰণ কৰি নি ডিঙি কটাৰ অভিযোগ উত্থাপন হৈছে। ভূমি বিবাদক কেন্দ্ৰ কৰি আহত মাইনুল হকৰ শহুৰেকৰ পৰিয়ালৰ সৈতে আন এটা পক্ষৰ দীৰ্ঘদিন ধৰি সংঘাত চলি আছে।
লগতে পঢ়ক : ইজৰাইল-আধাৰিত বিভিল লেজাৰৰ উত্তৰ-পূবত প্ৰৱেশ
মইনুল হকৰ পৰিয়ালৰ লোকে ছৈয়দ চৌধুৰীৰ নেতৃত্বত ৪ জন লোকে এই কাণ্ড সংঘটিত কৰা বুলি অভিযোগ তুলি থানাত এজাহাৰ দাখিল কৰিছে। এজাহৰৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।