নিউজ ডেস্কঃ জুৰিয়া ষ্টেটবেংকত ডকাইতি কাণ্ড।
বৃহস্পতিবাৰে দুপৰীয়া ভাগত এটা ডকাইতৰ দলে বেংকটোৰ এজন বাণিজ্যিক প্ৰতিনিধিৰ পৰা লুটি লৈ যায় নগদ ১লাখ ৫০হাজাৰ টকা।
ডকাইতৰ দলটোৱে শূণ্যলৈ গুলী ফুটাই আতংকিত কৰি গ্ৰাহক সেৱা কেন্দ্ৰটোত বহি থকা বাণিজ্যিক প্ৰতিনিধিৰ পৰা লুটি নিয়ে টকাখিনি।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
বৰ্তমানলৈকে আৰক্ষীয়ে ডকাইতৰ দলটোৰ এজনৰো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই ।