ৰূপহীহাটঃ জুৰীয়াত উজনি অসমৰ ভিন্ন প্ৰান্তৰ পৰা কৰ্মসূত্ৰে অহা টেট শিক্ষকসকলে নিজ কৰ্তব্য পালনৰ সমান্তৰালভাৱে চলাই গৈছে শংকৰী কলা-কৃষ্টিৰ চৰ্চাও।
জুৰীয়াৰ তেলীয়া বেবেজীয়া ৰাস উদযাপন সমিতিয়ে আয়োজন কৰা শ্ৰীকৃষ্ণৰ ৰাসলীলা ভাওনাৰ লগত সংগতি ৰাখি টেট শিক্ষকসকলে মঞ্চস্থ কৰিব “দধিছিৰ দেহত্যাগ আৰু বৃত্তাসুৰ বধ”” নামেৰে এখন মহাপুৰুষীয়া নাট।
লগতে পঢ়কঃনাজিৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন
যাৰ বাবে এতিয়া নাটৰ আখৰাত ব্যস্ত হৈ পৰিছে জুৰীয়াত কৰ্মৰত টেট শিক্ষকসকল। খোল তালৰ শব্দত মুখৰিত হৈ পৰিছে জুৰীয়াৰ আকাশ বতাহ । একপ্ৰকাৰে যেন মহাপুৰুষীয়া কলা-কৃষ্টি ধৰি ৰখাৰ প্ৰয়াস এই সকল শিক্ষকৰ ।