জুৰীয়াঃ নগাওঁ জিলাৰ জুৰীয়াত অঘটন। বিদ্যুৎপৃষ্ঠ হৈ মৃত্যু হয় এটি ৭বছৰীয়া শিশুৰ।
মৃত শিশুটিৰ নাম মাছুফ আলম।
জানিব পৰা মতে মজিবুৰ ৰহমান নামৰ লোকজনে খেতিৰ বাবে পথাৰত পানী খিচিবলৈ অবৈধ ভাৱে বিদ্যুৎ সংযোগ কৰি ব্যৱহাৰ কৰিছিল এটি বৈদ্যুতিক মটৰত।
আৰু পঢ়কঃকোভিডসৃষ্ট পৰিৱেশত আৰ্তজনৰ কাষত অভিনেত্ৰী আইমী বৰুৱা
শিশুটিয়ে পুখুৰীৰ পাৰেৰে গৈ থকা অৱস্থাত অসাৱধানতা বশত মটৰত সংযোগ কৰা বৈদ্যুতিক তাঁৰত ভৰি লাগি থিতাতে মৃত্যু হয় শিশুটিৰ।
ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে আহি মৃতদেহটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে নগাওঁ অসামৰিক চিকিৎসালয়লৈ মৃতদেহটো প্ৰেৰণ কৰে।