ৰূপহীহাটঃ জুৰীয়াৰ যুৱ কৃষকসকলে আধুনিক বিজ্ঞান সন্মত পদ্ধতিৰে শাক-পাচলি উৎপাদন কৰি এক সেউজ বিপ্লৱৰ সূচনা কৰিছে ৷ নৈ পৰিয়া অতি দুৰ্গম অঞ্চলটোত যুৱ কৃষক সকলে কঠোৰ শ্ৰমেৰে বিজ্ঞান সন্মত পদ্ধতিত কৃষি কাৰ্যত আত্ম নিয়োগ কৰি নিজেও সফলতা লাভ কৰাৰ লগতে অন্য এজনৰ বাবে অনুপ্ৰেৰণাৰ কাৰণ হৈ পৰিছে ৷
লগতে পঢ়কঃপৰকীয়া প্ৰেমঃ প্ৰেমিকৰ সৈতে মিলি সন্তানক হত্যাৰ ষড়যন্ত্ৰৰ অভিযোগ
যুৱক সকলৰ প্ৰচেষ্টাৰ ফলতেই অঞ্চলটোৰ খেতি পথাৰ এতিয়া শস্য শ্যামলা হৈ পৰিছে ৷ ভাৰতৰ কৃষি বিজ্ঞানীৰ দ্বাৰা বিশ্বৰ ভিতৰত প্ৰথম আবিষ্কৃত ইফকৰ নেন (Nano) ইউৰিয়া , জৈৱিক সাগৰীকা আৰু গোবৰ ব্যৱহাৰ কৰি কৰা খেতিত যিফালেই চোৱা যায় সেইফালেই দেখা যায় কেৱল পথাৰ উপচি পৰা শাক পাচলিৰ দৃশ্য ৷
পিছে কঠোৰ শ্ৰম আৰু কষ্টৰে যোগাৰ কৰা গাঁঠিৰ ধন ভাঙি উৎপাদন কৰা শস্যৰ নুন্যতমো দাম নাপাই হতাশ হৈ পৰিছে কৃষক সকল ৷ যুৱ কৃষক সকলে চৰকাৰক উৎপাদিত শাক-পাচলিৰ উচিত মূল্য পোৱাৰ লগতে এখন ভাল বজাৰৰো ব্যৱস্থা কৰি দিবলৈ অনুৰোধ জনাইছে ৷