ৰূপহীহাট: নগাঁও জিলাৰ অন্তৰ্গত জুৰীয়াৰ চতিয়ানত নিশা ৰাইজৰ সহযোগিতাত আৰক্ষীয়ে জব্দ কৰে ১.৭ গ্ৰাম ড্ৰাগছ। আৰক্ষীৰ অভিযানত জৰথ আলী নামৰ এটা কুখ্যাত ড্ৰাগছ বেপাৰী আটক হয়।

ধৃত ড্ৰাগছ বেপাৰীটোৱে দীৰ্ঘদিন ধৰি জুৰীয়াৰ চতিয়ানত ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আহিছিল। যাৰ পৰিপ্ৰেক্ষিতত ৰাইজ অতিষ্ঠ হৈ আৰক্ষীক পূৰ্ণ সহযোগিতা আগবঢ়ায়। ৰাইজৰ সযযোগত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ধৃত ড্ৰাগছ বেপৰীটোক।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে ড্ৰাগছ বেপাৰীটোক প্ৰথমে ধৰাৰ সময়ত পৰিয়ালৰ লোকে আৰক্ষীৰ হাতৰ পৰা লৈ যায়। পিছত স্থানীয় ৰাইজৰ সহযোগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply