ৰূপহীহাট : বজাৰত খাদ্য সামগ্ৰীৰ উৰ্দ্ধগামী মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক বাৰুকৈ জলাকলা খুৱেইছে। গ্ৰামাঞ্চলৰ সাধাৰণ ৰাইজেও শাক-পাচলি অধিক মূল্যত ক্ৰয় কৰিব লগীয়া হৈছে। বজাৰত শাক-পাচলিৰ মূল্যৰ জুই লাগিছে যদিও কৃষক সকল পানীৰ দৰত বিক্ৰী কৰিছে শাক-পাচলি।

বজাৰত অন্যান্য সামগ্ৰীৰ লগতে শাক-পাচলিৰ মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জলাকলা খুৱাই আছে যদিও কপালৰ ঘাম মাটিত পেলাই পাচলি উৎপাদন কৰা কৃষক সকল কিন্তু বঞ্চিত হৈছে উপযুক্ত মূল্য লাভৰ পৰা। জুৰীয়াৰ সমীপৱৰ্তী আৰিমাৰী, বাঘেটাপু, গুলীৰপাৰ, মুচলেম চাপৰি আদি চৰাঞ্চলৰ ৰাইজে প্ৰতি বছৰৰ দৰে এইবেলিও কঠোৰ পৰিশ্ৰমেৰে জলকীয়া, বিলাহী, বেঙেনা, কবি, ৰঙালাওঁ আদি খেতি কৰিছে যদিও মধ্যভোগী দালালৰ হাতত পানীৰ দৰত বিক্ৰী কৰিব লগীয়া হৈছে সামগ্ৰী সমূহ।

লগতে পঢ়ক : International championshipsৰ Master athlitics সোণৰ পদক অৰ্জন কৰি নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে আৰতীয়ে

বিশেষকৈ কেচা জলকীয়া প্ৰতি কেজিৰ মূল্য জুৰীয়া বজাৰত ১২ ৰ পৰা ১৬ টকাত বিক্ৰী কৰিছে কৃষক সকলে। সেইদৰে ৰঙালাওঁ প্ৰতিটোৰ মূল্য ৭-৮ টকাকৈ, বেঙেনা প্ৰতিকেজি ৮-৯ টকাকৈ বিক্ৰী কৰিবলৈ বাধ্য হৈছে কৃষক সকল। উচিত মূল্য লাভৰ পৰা বঞ্চিত কৃষক সকলে নিজৰ কষ্টোপাৰ্জিত শাক-পাচলিৰ উচিত মূল্য নিৰ্ধাৰণৰ দাবী জনাইছে যোগান বিভাগক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply