ৰূপহীহাট : জুৰীয়াত পুৱতি নিশা ব্ৰজ পৰি ভয়াৱহ অগ্নিকাণ্ড।জুৰীয়াৰ তেলীয়া বেবেজীয়া গাঁৱত পূৱতি নিশা বৰষুনৰ মাজত ব্ৰজ পৰি সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হয় এটা বাসগৃহ।

নগাঁও জিলাৰ জুৰীয়াৰ অন্তৰ্গত তেলীয়া বেবেজীয়া গাঁৱত পুৱতি নিশা ব্ৰজ পৰি এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডত এটা বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয় যদিও স্থানীয় ৰাইজ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত কথমপি ৰক্ষা পৰে গাঁওখন।

আৰু পঢ়কঃমহানগৰী গুৱাহাটীত সংঘটিত হৈছে ভয়ংকৰ বনজুই ঘটনা

তেলীয়া বেবেজীয়া গাঁৱৰ প্ৰয়াত সত্য শইকীয়া নামৰ এজন লোকৰ পৰিত্যক্ত বাসগৃহত বজ্ৰ পৰি অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। জুইৰ লেলিহান শিখাই নিমিষতে আৱৰি ধৰে সম্পূৰ্ণ বাসগৃহটো। ৰাইজ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত জুই নিৰ্বাপন হয় যদিও অঞ্চলটোত অগ্নি নিৰ্বাপক বাহিনীৰ কেন্দ্ৰ নথকাত ৰাইজে ক্ষোভ প্ৰকাশ কৰে।

আৰু পঢ়কঃঅসম-মেঘালয় সীমান্তৰ ৰাঙাপানীত বৰদৈচিলাৰ তাণ্ডৱ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply