ৰূপহীহাট: জুৰীয়াত স্বামীৰ প্ৰতাৰণাৰ বলি এগৰাকী এটা সন্তানৰ মাতৃ। মহিলা গৰাকীৰ নিৰক্ষতাৰ সুযোগ লৈ কাবিন নামাত চহী লোৱাৰ ছলনাৰে ডিভ’ছ পেপাৰত চহী লৈ পাতিলে দ্বিতীয় বিবাহ।
এই ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ জুৰীয়া থানাৰ অন্তৰ্গত পূৱ চটীয়ান গাঁৱত।
ভুক্তভুগী মহিলা গৰাকীয়ে উল্লেখ কৰা মতে ,আজিৰ পৰা প্ৰায় পাঁচ বছৰ আগতে পূৱ চতিয়ান গাঁৱৰ ওমৰ আলীৰ পুত্ৰ তুৰাব আলী লগত ৰূপহীহাট উত্তৰ খাটোৱালৰ অতি দ্ৰৰিদ্ৰ পৰিয়ালৰ ছায়দা ছুলতানা নামৰ যুৱতীৰ গৰাকীৰ সামাজিক বাবে বিবাহ পাশত আৱদ্ধ হৈছিল।
বিয়াৰ পিছৰ পৰাই স্বামী তুৰাব আলীয়ে পত্নী ছায়দা ছুলতানাক বিভিন্ন সময়ত যৌতুক দাবী কৰি শাৰীৰিক মানসিক ভাবে অত্যাচাৰ চলাইছিল যদিও অতি দ্ৰৰিদ্ৰ পৰিয়ালৰ সন্তান হোৱাৰ বাবে সকলো ধৰনৰ অত্যাচাৰ সহ্য কৰি গৈছিল এটি সন্তানৰ মাতৃ গৰাকীয়ে।
আজিৰ পৰা দুমাহ আগতে লম্পট স্বামী তুৰাব আলীয়ে পত্নী ছায়দা ছুলতানাক কাবিন নমাত চহী কৰাবলৈ নগাঁৱৰ আদালতলৈ নি নিৰক্ষতাৰ সূযোগ লৈ বিবাহ বিচ্ছেদৰ নথিত চহী লয় ভণ্ড স্বামী তুৰাব আলীয়ে।
চহী লোৱা পিছতে স্বামী তুৰাব আলীয়ে পত্নীক পিতৃৰ গৃহলৈ পঠিয়াই দি দ্বিতীয় সংসাৰ পাতি প্ৰথমা পত্নীক স্বামীৰ গৃহত গলেই শাৰীৰিক বাবে আক্ৰমণ আৰম্ভ কৰে বুলি গুৰুতৰ অভিযোগ মহিলা গৰাকীৰ । শেষত উপায়ন্ত হৈ ভুক্তভোগী মহিলা গৰাকীয়ে ন্যায়ৰ আশাত জুৰীয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।