ৰূপহীহাট : অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অধিক তীব্রতৰ হৈ উঠিছে। উজনিৰ পৰা নামনিলৈকে অসম আৰক্ষীয়ে আটক কৰিছে ইজনৰ পিছত সিজন ড্ৰাগছ সৰবৰাহকাৰী, জব্দ কৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছ। বৃহস্পতিবাৰৰ দিনটোতো অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।

বৃহস্পতিবাৰে এফালে মহানগৰী গুৱাহাটীত পল্টন বজাৰ আৰক্ষীয়ে অভিযান চলাই পল্টন বজাৰৰ এখন সোণাৰীৰ দোকানৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে আনফালে নগাঁও আৰক্ষীয়ে খেদি খেদি এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। ৰূপহীহাটৰ গুনাবাৰী গাঁৱৰ পৰা আৰক্ষীয়ে খেদি খেদি আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী জিয়াউল হকক।

আৰক্ষীয়ে অভিযান চলাই চাৰিও ফালৰ পৰা ঘেৰি ধৰিছিল ড্ৰাগছ মাফিয়া জিয়াউল হকৰ ঘৰ।আৰক্ষীৰ উমান পাই দৌৰি পলায়ন কৰাৰ চেষ্টা কৰিছিল জিয়াউল হকে কিন্তু আৰক্ষীয়ে খেদি খেদি আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী জিয়াউল হকক। আৰক্ষীয়ে ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনৰ পৰা উদ্ধাৰ কৰে ড্ৰাগছ ভৰ্তি কন্টেইনাৰ।

আৰু পঢ়কঃ অসম নাগালেণ্ড সীমান্তৱৰ্তী দিচৈ বনাঞ্চলত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ওপৰত নগা দুৰ্বৃত্তৰ গুলীচালনা

উল্লেখ্য যে নগাঁও জিলাৰ অন্যান্য প্ৰান্তৰ লগতে গুনাবাৰী, ছাইদৰীয়া, তামুলীটুপত ড্ৰাগছৰ কৱলত পৰিছে শতাধিক যুৱক। অঞ্চলত কেইটাত প্ৰায় কুৰিজন ড্ৰাগছ সৰবৰাহকাৰীয়ে দিনে-নিশাই অবৈধ ড্ৰাগছৰ বেহা চলাই থকা বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপিত হৈ আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply