ৰূপহীহাট – জুৰীয়াত আৰক্ষীয়ে জব্দ কৰিলে চোৰাংভাৱে সৰবৰাহ কৰা ৪৩ টা গৰু। জুৰীয়া থানাৰ আৰক্ষীয়ে অভিযান চলাই গৰু সৰবৰাহ কৰা দুখন ট্ৰাক জব্দ কৰি ট্ৰাক দুখনৰ পৰা জব্দ কৰে ৪৩ টা গৰু। গৰু সৰবৰাহৰ লগত জড়িত ৬ জনকৈ লোক আটক।
মধ্য অসমত অব্যাহত আছে চোৰাং পশুধনৰ অবৈধ সৰবৰাহ। বিশেষকৈ মধ্য অসমৰ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত ব্যাপক হাৰত বৃদ্ধি পাইছে চোৰাং পশুধনৰ অবৈধ সৰবৰাহ। সোমবাৰে পুৱাৰ ভাগত নগাঁৱত পুনৰ আৰক্ষীৰ জালত পৰিল পশুধন সৰবৰাহ কৰা দুখনকৈ ট্ৰাক।
ৰূপহীহাটৰ জুৰীয়াত আৰক্ষীয়ে জব্দ কৰিলে অবৈধভাৱে সৰবৰাহ কৰা ৪৩ টা গৰু। জুৰীয়া থানাৰ আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই লাভ কৰে এই সাফল্য। আৰক্ষীয়ে পুৱাৰ ভাগত এক অভিযান চলাই জব্দ কৰে অবৈধভাৱে সৰবৰাহ কৰা ৪৩ টা গৰুসহ দুখন ট্ৰাক।
সোনাই-ছাইদৰীয়া পথৰ বগৰিগুৰিত আৰক্ষীয়ে জব্দ কৰে অবৈধভাৱে সৰবৰাহ কৰা গৰুখিনি। দুখন ট্ৰাকেৰে গৰুখিনি শিৱসাগৰৰ ৰজাগাঁৱৰ পৰা নগাঁৱৰ ডুডুমীয়ালৈ কঢ়িয়াই আনিছিল। আৰক্ষীয়ে অবৈধ গৰু সৰবৰাহৰ সৈতে জড়িত থকা ৬ জনকৈ লোকক আটক কৰে।