নিউজ ডেস্ক: বিশিষ্ট কবি নীলমণি ফুকনলৈ জ্ঞানপীঠ বটাঁ আগবঢ়োৱা হৈছে। তৃতীয়গৰাকী অসমীয়া হিচাপে জ্ঞানপীঠ বটাঁ লাভ কৰে। জীৱনজোৰা সাধনাৰ বাবে এই বটাঁ তেওঁলৈ আগবঢ়োৱা হৈছে।

নীলমণি ফুকন অসমীয়া ভাষাৰ এজন কবি, কলা-সমালোচক, অধ্যাপক আৰু সাহিত্যিক। তেওঁ অসমীয়া কবিতাত প্ৰতীকবাদ আৰু চিত্ৰকল্পবাদৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলায়। তেখেতৰ উল্লেখযোগ্য কৰ্ম হ’ল ‘সূৰ্য হেনো নামি আহে এই নদীয়েদি’, ‘কবিতা’, আৰু ‘গোলাপী জামুৰ লগ্ন’।

‘কবিতা’ শীৰ্ষক স্বনিৰ্বাচিত কাব্যগ্ৰন্থৰ কাৰণে তেওঁক ১৯৮১ চনত সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হয়। ১৯৯০ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে। ইয়াৰোপৰি ১৯৯১ চনত ছগনলাল জৈন বঁটা, ১৯৯৭ চনত অসম উপত্যকা সাহিত্য বঁটা আৰু সাহিত্য অকাডেমিৰ ফালৰ পৰা শ্ৰেষ্ঠ সাহিত্যিক সন্মান সাহিত্য অকাডেমিৰ ফেল’ ২০০২ চনত প্ৰদান কৰা হয়। কবি ফুুুুকনক ২০১৯ বৰ্ষৰ ১৯ আগষ্ট তাৰিখে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় ‘ডি লীট’ উপাধি প্ৰদান কৰে।

নীলমণি ফুকনৰ জন্ম হয় অসমৰ গোলাঘাট জিলাৰ দেৰগাঁৱত। তেওঁ ইতিহাস বিষয়ত ১৯৬১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ ১৯৫০ চনৰ পৰাই কবিতা লিখিবলৈ আৰম্ভ কৰে। ১৯৬৪ চনত তেওঁ গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে। ১৯৯২ চনত অৱসৰ গ্ৰহণ কৰে।

কবিতা
সূৰ্য হেনো নামি আহে এই নদীয়েদি, ১৯৬৩, নিৰ্জনতাৰ শব্দ, ১৯৬৫, আৰু কি নৈঃশব্দ্য্য, ১৯৬৮,
জাপানী কবিতা, ১৯৭১, ফুলি থকা সূৰ্যমুখী ফুলটোৰ ফালে, ১৯৭৩, কাঁইট গোলাপ আৰু কাঁইট, ১৯৭৫
গোলাপী জামুৰ লগ্ন, ১৯৭৭, কবিতা, ১৯৮০, গাৰ্থিয়া লৰ্কাৰ কবিতা, ১৯৮১
নৃত্যৰতা পৃথিৱী, ১৯৮৫, সাগৰতলিৰ শংখ (হীৰেন গোহাঁইৰ দ্বাৰা নিৰ্বাচিত কবিতাৰ সংগ্ৰহ), ১৯৯৪
চীনা কবিতা, ১৯৯৬, অলপ আগতে আমি কি কথা পাতি আছিলোঁ, ২০০৩

কবিতাৰ সম্পাদনা

কুৰি শতিকাৰ অসমীয়া কবিতা, ১৯৭৭, অৰণ্যৰ গান, ১৯৯৩

অন্যান্য
লোক কল্পদৃষ্টি (অসমীয়া কলা-স্থাপত্যৰ পৰিচয়), ১৯৮৭, ৰূপ বৰ্ণ বাক (কলা আৰু কলাকাৰৰ প্ৰবন্ধ), ১৯৮৮,
শিল্পকলাৰ উপলব্ধি আৰু আনন্দ, ১৯৯৭, শিল্পকলাৰ দৰ্শন, ১৯৯৮

আত্মজীৱনী
পাতি সোণাৰুৰ ফুল, পাহৰিব নোৱাৰিলো যি, ২০১৮

লগতে পঢ়ক- হোজাই জাতীয় বিদ্যালয়ৰ চৌহদত গাড়ীত অগ্নিসংযোগ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply