স্মৃতি প্ৰিয়া লাহন : টীয়কৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ অসমীয়া মাধ্যমৰ বিদ্যালয় জ্যোতি বিদ্যাপীঠে আজি ৩৬ টা বছৰ সম্পূৰ্ণ কৰিলে।১৯৮৭ চনৰ ১৩ মাৰ্চ তাৰিখে প্ৰতিষ্ঠা হোৱা এই বিদ্যালয়ে বিগত সময়ত বহু ঘাট প্ৰতিঘাটৰ মাজেদি শিক্ষাৰ ক্ষেত্ৰখনত বৃহত্তৰ টীয়ক অঞ্চলত এক নতুন দিগন্তৰ সুচনা কৰিবলৈ সক্ষম হৈছে।
প্ৰতিষ্ঠা দিৱসৰ আজিৰ এই শুভ দিনটোত বিদ্যালয়ৰ কৰ্তৃপক্ষই পুৱা পতাকা উত্তোলন,স্মৃতি তৰ্পণ,গছপুলি ৰোপনকে ধৰি বিভিন্ন কাৰ্যসূচী সমাপন কৰাৰ পাছতে বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অধ্যক্ষ প্ৰশান্ত কুমাৰ দাসৰ সভাপতিত্বত এখনি মুকলি সভা অনুষ্ঠিত কৰা হয়।
উক্ত সভাত যোৰহাট জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মন বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলৰ ভবিষ্যতে কৰণীয়ৰ ওপৰত মন্তব্য আগবঢ়াই সকলোকে আপ্লুত কৰি তোলে।উক্ত সভাতে বিদ্যালয়ৰ মুখপত্ৰ জ্যোতিষ্মান আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে হাতে লিখি প্ৰস্তুত কৰা প্ৰজ্ঞা নামৰ গ্ৰন্থখনি শুভ উন্মোচন কৰা হয়।
উক্ত সভাত টীয়ক অঞ্চলৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি,টীয়কৰ প্ৰেছ ক্লাৱৰ সম্পাদক দিগন্ত হাজৰিকা, বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী,বৰ্তমান তথা প্ৰাক্তন ছাত্ৰ ছাত্ৰী অভিভাৱক উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।