টীয়ক: টীয়কৰ অগ্ৰণী শিক্ষানুষ্ঠান জ্যোতি বিদ্যাপীঠৰ বহুদিনীয়া প্ৰচেষ্টাৰে দেওবাৰে এক নতুন সংযোজন ভাৰত নাট্যমৰ পাঠ্যক্ৰমৰ শুভাৰম্ভ কৰে।
উল্লেখযোগ্য যে জ্যোতি বিদ্যাপীঠৰ অন্যতম এটি অনুষ্ঠান জ্যোতি সুকুমাৰ কলা সংগীত বিদ্যালয়ত ২০০৯ চনৰ পৰাই চিত্ৰ কলা, কণ্ঠ সংগীত, তবলা , গীটাৰ, সত্ৰীয়া নৃত্যৰ পাঠ্যক্ৰম চলাই অহাৰ ফলত এই বিদ্যালয়ৰ পৰাই বহু ছাত্ৰ ছাত্ৰীয়ে কৃতিত্ব অর্জন কৰিবলৈ সক্ষম হৈছে ।
এই পাঠ্যক্ৰমৰ উপৰিও আজি নতুনকৈ ভাৰত নাট্যম পাঠ্যক্ৰম সংযোজন কৰে। জ্যোতি বিদ্যাপীঠৰ শিক্ষক অশোক বৰায়ে আঁত ধৰা শুভাৰম্ভনি অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিদ্যালয়ৰ অধ্যক্ষ প্ৰশান্ত কুমাৰ দাস, চিত্ৰকৰ, সাহিত্যিক ড০ ভাৰত বৰা, বিশিষ্ট সমাজ সেৱক , জ্যোতি বিদ্যাপীঠৰ পৰিচালনা সমিতিৰ সম্পাদক অশোক বৰা আৰু মুখ্য অতিথি হিচাপে উপস্থিত থাকে যোৰহাটৰ নৃত্যশিল্পী তথা বঁটা প্ৰাপক অঞ্জলি বৰবৰা।
বিশিষ্ট ব্যক্তিদ্বয়ে বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে বিদ্যালয়ৰ অধ্যক্ষ প্ৰশান্ত কুমাৰ দাসে। মুখ্য অতিথি অঞ্জলি বৰবৰায়ে ভাৰত নাট্যম ৰ ওপৰত সাৱলীল বক্তব্য প্ৰদান কৰে। ক’ভিড পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা অনুষ্ঠানটোত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী , কৰ্মচাৰী , ছাত্ৰ ছাত্ৰী তথা অভিভাৱক সকল উপস্থিত থাকে।
লগতে পঢ়ক- শিৱসাগৰ কলেজৰ মহাৰজত জয়ন্তী উদযাপন সমাৰােহৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ অংশগ্রহণ