গুৱাহাটীঃ মহানগৰীৰ উদালবাক্ৰাৰ মডাৰ্ণ ইংলিছ স্কুলত অঘটন। বিদ্যালয়খনৰ ছয় মহলাৰ পৰা জাপ দিলে অষ্টম শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে।
ছাত্ৰীগৰাকীক সংকটজনক অৱস্থাত হায়াত হস্পিতাললৈ প্ৰেৰণ।
১৪ বছৰীয়া কিশোৰগৰাকীক ডাক্তৰ পংকজ কুমাৰ ভাগৱতীৰ নেতৃত্বত চিকিৎসা চলি আছে ।
প্ৰেমজনিত কাৰণতে এই ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ।
লগতে পঢ়কঃমহানগৰীৰ আদাবাৰীত অটল উদ্যান উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে
বিদ্যালয়ৰ কৰ্তৃপক্ষই ঘটনাক গাপ দিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে।
বিদ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰিবলৈ সংবাদ মাধ্যমক বাধা প্ৰদান বিদ্যালয় কৰ্তৃপক্ষৰ।
ঘটনাস্থলীত ওডালবাক্ৰা আৰক্ষী উপস্থিত হয় তদন্ত অব্যাহত ৰাখিছে ।