টীয়কঃ দেশৰ কভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসমীয়াই চৰকাৰী নিৰ্দেশনা অৱলম্বন কৰি উদযাপন কৰিবলগীয়া হৈছে আপোন ৰঙালী বিহুটি।

টীয়কৰ কাকজান কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিয়েও প্ৰশাসনৰ নীতি নিয়ম মানি কাকজান খেলপথাৰত দিনযোৰা কাৰ্যসূচীৰে আয়োজন কৰিছে ৰঙালী বিহু।

এই বিহুৰ বাকৰিতে অঞ্চলটোৰ যুৱচামে অন্যান্য কাৰ্যসূচীৰ সমান্তৰালকৈ আয়োজন কৰিছে ”বৰদেউতাৰ আশীৰ্বাদ” শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান।

আৰু পঢ়কঃ বিহু মঞ্চত গীত পৰিৱেশন কৰি সন্তষ্ট নহ’ল পাপন

অঞ্চলটোৰ প্ৰায় দুই শতাধিক সত্তৰ উদ্ধৰ পুৰুষ-মহিলাক নিমন্ত্ৰণ কৰি পৰম্পৰা ৰক্ষা কৰি সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে জ্যেষ্ঠজনক একোখনকৈ বিহুৱান প্ৰদান কৰি আশীৰ্বাদ লোৱাৰ লগতে জলপানৰ দিহা কৰিছে যুৱচামে।

জেষ্ঠজনক সন্মান প্ৰদৰ্শন কৰি বিহুত আশীৰ্বাদ লোৱা অসমীয়া সমাজৰ যি আদৰ্শ তাক উত্তৰ পুৰুষক চিনাকী কৰাৰ উদ্দেশ্যেৰে কাকজান বিহু সন্মিলনৰ এই পদক্ষেপক সকলোৱে আদৰণী জনাইছে।

উল্লেখযোগ্য যে এই অনুষ্ঠানত শতায়ু গৰকা কেইবাগৰাকীয়ো লোকৰ লগতে কেইবাগৰাকীও মুছলমান সম্প্ৰদায়ৰ জ্যেষ্ঠলোক উপস্থিত থাকে।

কাকজানৰ এই বিহুৰ বাকৰিয়ে বৰ অসমৰ সমন্বয়ৰ এখন সুন্দৰ ছবি দাঙি ধৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply