স্মৃতি প্ৰিয়া লাহন, টীয়ক: দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ত অনুষ্ঠিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্ত মহাবিদ্যালয় যুৱ মহোৎসৱত কাকজান মহাবিদ্যালয়ৰ হৈ অংশগ্ৰহণ কৰি কেইবাটাও শিতানত পুৰস্কাৰ লাভ কৰি মহাবিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই অনা শিক্ষাৰ্থীসকলক আনুষ্ঠানিকভাৱে কৃতজ্ঞতা জনাই ।
উক্ত মহোৎসৱত স্পট ফটোগ্ৰাফী শিতানত প্ৰথম স্থান প্ৰাপ্ত ইংৰাজী বিভাগৰ ছাত্ৰ বিশাল দাসৰ ফটোখন আনুষ্ঠানিকভাৱে আজি মুকলি কৰে মহাবিদ্যালয়ৰ অধ্যক্ষা ড° ৰূপৰেখা বৰদলৈয়ে।
আনহাতে কাকজান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহৰ আজি মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সহযোগত এক গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত কৰা হয়।
মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ড° পংকজ গোস্বামীৰ সভাপতিত্বত কৰা তথা বিভাগৰ সহকাৰী অধ্যাপক ভৈৰৱানন্দ বৰাই আঁতধৰা এই অনুষ্ঠানটি মহাবিদ্যালয়ৰ অধ্যক্ষা ড° ৰূপৰেখা বৰদলৈয়ে শুভ উদ্বোধন কৰে। উক্ত অনুষ্ঠানত যোৰহাট মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা শংকৰী সাহিত্যৰ গৱেষক ড° পবিত্ৰ প্ৰাণ গোস্বামী বিশেষভাৱে উপস্থিত থাকি লিটাৰী ৰিচঞ্চেছ(LITERARY RESONANCE) শীৰ্ষক গৱেষণামূলক গ্ৰন্থখনী আনুষ্ঠানিকভাৱে উন্মোচন কৰে।
এই গ্ৰন্থ উন্মোচনী সভাত মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ দেৱ কুমাৰ মহন্ত,শৈক্ষিক উপাধ্যক্ষ মৃদল গগৈকে প্ৰমুখ্য কৰি মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী তথা ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক ড° শিখামণি গগৈ আৰু হাচনাহানা গগৈৰ সম্পাদনাত প্ৰস্তুত হোৱা উক্ত গ্ৰন্থখনে অনাগত দিনত ইংৰাজী বিভাগৰ বিশেষকৈ স্নাতক তথা স্নাতকোত্তৰ বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ সহায়ক হ’ব বুলি বিশিষ্ট অতিথিসকলে আশা প্ৰকাশ কৰে।