কাকজান বাগিছাৰ চিকিৎসালয়তে ক'ভিড কেয়াৰ চেন্টাৰ স্থাপন

স্মৃতি ৰেখা লাহন, টীয়ক: সমগ্ৰ দেশৰ লগতে ক’ভিডে ভয়াবহ ৰূপ ধাৰণ কৰিছে অসমত।চহৰাঞ্চলৰ সমান্তৰালকৈ গ্ৰাম্যাঞ্চল তথা চাহ বাগিছা অঞ্চলটো ক্ৰমাৎ গণ সংক্ৰমণ বৃদ্ধি পাইছে।বিশেষকৈ চাহ বাগিছা অঞ্চলত ক’ভিডৰ সংক্ৰমণে সকলোকে সকলোকে আতংকিত কৰাৰ সময়তে টীয়কৰ কাকজান বাগিছা কৰ্তৃপক্ষই বাগিছাৰ চিকিৎসালয়তে ক’ভিড কেয়াৰ চেন্টাৰ স্থাপণ কৰি এক আদৰ্শ প্ৰদৰ্শন কৰিছে।

কাকজান বাগিছাত আছে পাঁচটাকৈ ডিভিজন, জনসংখ্যা প্ৰায় ১৩,০০০।এইসকল বাগিছাৰ কৰ্মচাৰী তথা শ্ৰমিকৰ সুবিধাৰ্থে বাগিছাৰ কৰ্তৃপক্ষই চৰকাৰী সকলো ক’ভিড নীতি অৱলম্বন কৰি ২১ খন বিচনাযুক্ত এটা ক’ভিড ৱাৰ্ড গঠন কৰি ইতিমধ্যে পাঁচজনকৈ ক’ভিড ৰোগীক চোৱা চিতা কৰি আছে।

লগতে দুই এদিনৰ ভিতৰতে বাগিছাৰ সকলো শ্ৰমিক কৰ্মচাৰীৰ ক’ভিড পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণৰ দিহা কৰিছে বুলিও জানিবলৈ দিছে চিকিৎসাকৰ্মীয়ে।ইপিনে ৰাইজৰ মাজত গৈ সজাগতা সৃষ্টিৰ অৰ্থে বিভিন্ন সময়ত প্ৰাৰম্ভিক ক’ভিড নীতি অৱগত কৰাৰ সমান্তৰালকৈ মাস্ক ছেনিটাইজাৰ আদিও প্ৰদান কৰিছে কৰ্তৃপক্ষই।

লগতে পঢ়ক বৃহস্পতিবাৰৰ দিনটোত কোৰোনাত মৃত্যু হ’ল ৭৮ জন , আক্ৰান্তৰ হাৰ ৬.৪০ শতাংশ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply