তিনিচুকীয়া: তিনিচুকীয়া জিলাৰ কাকপথাৰৰ চাৰিজন সাংবাদিকৰ কাৰ্যৰ বিৰুদ্ধে সাংবাদিকেই গোচৰ ৰুজু কৰিছে আৰক্ষীৰ ওচৰত৷ এগৰাকী শিক্ষকক ধন দাবী কৰাৰ দৰে লজ্জাজনক ঘটনা সংঘটিত হৈছে কাকপথাৰত ৷
ঘটনাৰ বিবৰণি মতে কাকপথাৰ টঙনা হিন্দী বিদ্যালয়ৰ প্ৰধান শিক্ষক শংকৰ ভগতক ভয় ভাবুকিৰে ৫০হাজাৰ টকা দাবী কৰাৰ অভিযোগ ডুমডুমাৰ ৪ গৰাকী সাংবাদিক ভাস্কৰ দাহাল, অজয় ঠাকুৰ, প্ৰিন্স ভৰালী আৰু সুৰজ দেৱ ৰ বিৰুদ্ধে ৷
যোৱা ৮ অক্টোবৰত বিদ্যালয়ত উপস্থিত হৈ ধন দাবী কৰি আবেলিলৈ কাকপথাৰস্থিত বাসগৃহৰ সন্মুখৰ পৰা ভয়-ভাবুকি দি বলপূৰ্বকভাৱে ২০ হাজাৰ টকা লৈ উধাও হয় সাংবাদিক কেইজন ৷ পুনৰ ৯ অক্টোবৰত বাকী থকা ধন নিবলৈ উপস্থিত হোৱাৰ সময়তে কাকপথাৰৰ একাংশ সাংবাদিক উপস্থিত হোৱাত পলাই পত্ৰং দিয়ে সাংবাদিক কেইজন ৷
এইদৰে ভয়-ভাবুকিৰে শিক্ষকক ধন দাবী কৰাৰ খবৰ লাভ কৰাৰ পিছতেই শিক্ষক জনৰ বাসগৃহত উপস্থিত হয় কাকপথাৰৰ সাংবাদিক মহল ৷ শিক্ষকৰ স্বীকাৰোক্তিৰ ভিত্তিত ব্যক্তিগত চেনেলৰ নামত ধনদাবী কৰা সাংবাদিক কেইজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয় ৷
সমান্তৰালভাৱে শিক্ষকজনেও তেখেতক ধন দাবী কৰি বলপূৰ্বকভাৱে ধন লৈ যোৱা বুলি সাংবাদিক কেইজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷
লগতে, কাকপথাৰ প্ৰেছ ক্লাবেও বিষয়টো তদন্ত কৰি দোষী সাংবাদিকৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবীত কাকপথাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷সাংবাদিকৰ নাম লৈ শিক্ষকক ধন দাবী কৰা বাতৰি প্ৰচাৰ হোৱাৰ পিছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ তিনিচুকীয়া জিলাখনতে ৷
লগতে পঢ়ক-চাবুৱাৰ দংগৰচুকত খাদ্যত বিষক্ৰিয়া, শতাধিক শতাধিক চিকিৎসাধীন