গুৱাহাটীঃ মহানগৰীৰ কাহিলীপাৰাৰ গোপীনাথ নগৰৰ তাৰা হীৰা কমপ্লেক্সত সংঘটিত হোৱা নৃশংস হত্যাকাণ্ডৰ ঘটনাই লৈছে নতুন মোৰ। স্থানীয় বাসিন্দাই জানিবলৈ দিয়া মতে, মুখত টেপ মাৰি থোৱা অৱস্থাত বিছনাৰ তলত উদ্ধাৰ কৰিছিল মহিলাগৰাকীৰ মৃতদেহ। মহিলাগৰাকী থকা বিল্ডিংটো ল’জ হিচাবে ব্যৱহাৰ কৰিছিল।

দেওবাৰে বিয়লিলৈকে মহিলা গৰাকীক দেখা পোৱা বুলি ল’জত থকা লোকসকলে জানিবলৈ দিয়ে। চিকিংসাৰ বাবে গুৱাহাটীলৈ অহা লোকসকলেই এই ল’জত থাকিছিল।
এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ সময়তে লাভ কৰিছে গুৰুত্বপূৰ্ণ ক্লু। তদন্তকাৰী বিষয়াই জানিবলৈ দিয়া মতে তদন্ত সঠিক গতিত আগবাঢ়িছে।
ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে অনু হাজৰিকাৰ কেয়াৰটেকাৰ জিণ্টু হাজৰিকাক।
ধৃত জিণ্টু হাজৰিকাৰ স্বীকাৰোক্তি মতে সোমবাৰে দিনৰ ১১ বজাত হিচাপ পৰীক্ষক অক্ষয়ে ফোন কৰিছিল জিণ্টুক।
তেওঁক অনু হাজৰিকাৰ কোঠাত অকলে সোমাব মানা কৰিছিল অক্ষয়ে। ইয়াৰ পিছতো সলনি হৈছে পৰিচাৰক জিণ্টুৰ ভাষ্য।
ক’ভিড পৰিস্থিতিৰ বাবে অনু হাজৰিকাই, বেংকলৈ যোৱা বন্ধ কৰাৰ বাবেই ঘৰতে ৰাখিছিল লক্ষাধিক টকা।
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অনু হাজৰিকাৰ গাড়ীৰ চালক প্ৰাঞ্জল কলিতা আৰু অনুপ শৰ্মা সোধাপোছাৰ অন্তত যাবলৈ দিয়ে। আৰক্ষীয়ে অক্ষয়কো সোধপোছাৰ বাবে সহযোগ কৰিবলৈ জনাইছে। নতুন নতুন তথ্য ওলাই আহিছে যদিও ধনৰ বাবেই অনু হাজৰিকা নামৰ মহিলাগৰাকীক হত্যা কৰা বুলিয়েই প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহিছে।

তাৰা হীৰা কম্পপ্লেক্সৰ উপৰিও মহিলা গৰাকী বহু কেইটা কমাৰ্চিয়েল বিল্ডিঙৰ গৰাকী আছিল। বহু বছৰৰ আগতে ৰাজ্যৰ বাহিৰত দুৰ্ঘটনাত পুত্ৰৰ মৃত্যু হোৱাৰ পিছত পাঁচ বছৰৰ আগতে স্বামীৰো মৃত্যু হৈছিল।

মাহে কোটি টকাতকৈও অধিক ভাড়াৰ পৰা লাভ কৰা মহিলা গৰাকীৰ বেংকৰ লগতে হিচাব নিকাচৰ কাম কাজ কৰিছিল অক্ষয় নামৰ এজনে। এই অক্ষয় নামৰ ব্যক্তি গৰাকী মহিলা গৰাকীৰ মৃত্যুৰ তথ্য পোহৰলৈ অহাৰ পিছত দেখা দেখি নাই। আৰক্ষীয়ে হাজিৰ হ’বলৈ জনোৱাৰ লগতে তদন্ত অব্যাহত ৰাখিছে।

লগতে পঢ়কঃলামডিং ৰেলৱে ষ্টেচনত বৃহৎপৰিমাণৰ ব্ৰাউন চুগাৰ উদ্ধাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply