গুৱাহাটীঃ গছ ৰোপন কৰি পৰিবেশ সংৰক্ষনত ব্যস্ত পূব কামৰূপ বন সংমণ্ডলৰ বিষয়া কৰ্মচাৰী। পূৱ কামৰূপ বন সংমণ্ডলৰ সৌজন্যত আৰু কালাপাহাৰ বনাঞ্চলিক কাৰ্যালয়ৰ সহযোগত কালাপাহাৰস্থিত আইটিআই মহাবিদ্যালয় খেলপথাৰত এক বৃক্ষ ৰোপন কাৰ্যসূচী সম্পন্ন কৰা হয়।

বৃক্ষ ৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক সন্দীপ কুমাৰ, পূৱ কামৰূপ জিলা বন সংমণ্ডলৰ DFO ৰোহিনী বল্লভ শইকীয়া, গুৱাহাটী বনাঞ্চলৰ বিষয়া প্ৰাঞ্জল বৰুৱা, প্ৰহ্লাদ গায়ন আইটিআইৰ জ্যেষ্ঠ আহ্বায়ক হিমানী পাঠক। মহাবিদ্যালয়ৰ চৌপাশত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত ৫০ জোপা গছ পুলি ৰোপন কৰা হয়। গছ পুলি ৰোপন কৰাৰ লগতে সংৰক্ষনৰ ও ব্যৱস্থা কৰে।

উল্লেখ্য যে, বিগত এমাহত ৪৫ খন বিদ্যালয় আৰু মহাবিদ্যালয়ত ২৫০০ গছ পুলি ৰোপন কৰিছে গুৱাহাটী আঞ্চলিক বনবিষয়াৰ কাৰ্যালয় তথা বন বিভাগৰ লোকে। ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা প্ৰতি জোপা গছ কাটি পেলোৱাৰ বিপৰীতে ৪ জোপাকৈ গছপুলি ৰোপন কৰিছে ঠাইয়ে ঠাইয়ে।

লগতে পঢ়কঃপত্নী,২বছৰীয়া সন্তানক এৰি আলফা(স্বা)ত যোগদান উদীয়মান সংগীতশিল্পীৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply