কলগাছিয়া : কলগাছিয়াত ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত ২০ খনকৈ দোকান। কলগাছিয়াৰ সাপ্তাহিক বজাৰত সংঘটিত হোৱা ভয়াবহ অগ্নিকাণ্ডত ভস্মীভূত হয় ২০ খনকৈ দোকান। অগ্নিকাণ্ডত প্ৰায় ১ কোটি টকাৰ সম্পত্তি ক্ষতি হোৱা বুলি জানিবলৈ দিয়ে ৰাইজে।
পুৱতি নিশা বৰপেটা জিলাৰ কলগাছিয়া সাপ্তাহিক বজাৰত সংঘটিত হোৱা ভয়াবহ অগ্নিকাণ্ডত বজাৰখনৰ ২০ খনকৈ দোকান ভস্মীভূত হয়। বজাৰখনৰ ব্যৱসায়ী সকলে নিশা দোকান বন্ধ কৰি যোৱাৰ লিছতে সংঘটিত হয় এই ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা।
লগতে পঢ়ক : ৰাজ্যৰ ২৩ গৰাকী ব্যক্তিলৈ আগবঢ়োৱা হৈছে সাহিত্যিক পেঞ্চন
বৈদ্যুতিক বিজুতিৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। অগ্নিকাণ্ডত প্ৰায় ১ কোটি টকাৰ সম্পত্তি ভস্মীভূত হোৱা বুলিও জানিবলৈ দিয়ে ৰাইজে। পৰৱৰ্তী সময়ত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰে।