কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত শাওপুৰত বেঁকী নৈৰ বুকুত দিনে নিশাই চলিছে বালি খনন। একাংশ বালি মাফিয়াৰ নেতৃত্বত দীৰ্ঘদিনৰ পৰা এই খননকাৰ্য চলি থকাৰ অভিযোগ উত্থাপন হৈছে।

উল্লেখ্য যে এই বালি খনন কাৰ্যৰ ফলত যোৱা বানপানীৰ সময়ত নৈৰ সীমামূৰীয়া অঞ্চল সমূহলৈ ভয়ংকৰ গৰাখহনীয়াই কঢ়িয়াই আনিছিল তীব্ৰ ভাবুকি। উল্লেখ্য যে বৰপেটা জিলা প্ৰশাসন আৰু বন বিষয়া আৰু বীট অফিচাৰৰ অনুমতি সাপেক্ষে এই খনন চলি থকা বুলি ৰাইজৰ অভিযোগ।

যদিও বানপানীৰ সময়ত একমাত্ৰ এই খননৰ বাবেই ভয়ংকৰ গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰে সেয়া কিন্তু সৰ্বজনবিদিত। তথাপিও এই ক্ষেত্ৰত প্ৰশাসনে লোৱা নীৰৱ ভূমিকাক লৈ অঞ্চলবাসী ক্ষোভিত।

ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ বনবিভাগৰ বৰপেটা ৰোডৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ বন বিষয়া প্ৰশান্ত গগৈ আৰু সৰভোগ খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ বীট অফিচাৰ প্ৰণৱ কুমাৰ দাস লগতে বৰপেটা জিলা প্ৰশাসনক মেনেজ কৰি বালি মাফিয়াই শ শ ট্ৰেক্টৰ লগাই এইদৰে খনন কাৰ্য্য চলাই যোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।

ইপিনে বালি খনন কাৰ্যত বাধা দিয়াত আক্ৰমণ কৰিলে বালি মাফিয়াই। চোকা অস্ত্ৰৰে মূৰত আঘাত কৰিলে সমেজ উদ্দীন নামৰ এজন ব্যক্তিক। প্ৰশাসনে বিষয়টোক লৈ গুৰুত্ব নিদিয়াক লৈ স্থানীয় জনগন ক্ষোভিত।

লগতে পঢ়ক- চন্দ্ৰপুৰৰ পানীখাইতিত মৃত নাহৰফুটুকী উদ্ধাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply