কলগাছিয়া- বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত দক্ষিণ বালাৰপাথাৰ গাঁৱৰ মছজিদত সংঘটিত হৈছে লোমহৰ্ষক ঘটনা।
মছজিদৰ ভিতৰত সোমাই এজন ব্যক্তিক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টা।
ফজৰৰ নামাজ পঢ়ি থকা অৱস্থাত পৰান আলী নামৰ এজন ব্যক্তিক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ছোৰমান আলী নামৰ এজন ব্যাক্তিয়ে৷
কেমেৰাত বন্দী হয় এই ভয়ংকৰ আক্ৰমণৰ ঘটনা।
এই ঘটনাত গুৰুতৰ ভাবে আহত হয় পৰান আলী।
আক্ৰমণকাৰী ছোৰমান আলীক ৰচীৰে বান্ধি কেমেৰাৰ সন্মুখত গুৰুলা গুৰুলকৈ পিটিলে ৰাইজে ।
স্থানীয় ৰাইজে উত্তম মাধ্যম দি ছোৰমান আলীক গতাই দিলে আৰক্ষীক।
কোনো ব্যক্তিগত শত্ৰুতা নথকা স্বত্বেও মদ ভাং সেৱন কৰি ছোৰমান আলীয়ে মাজে মাজে উদ্ভণ্ডালি কৰি থাকে বুলি ৰাইজে জানিবলৈ দিছে ।
বৰ্তমান পৰান আলীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।