কলগাছিয়াঃ কলগাছিয়াৰ বৰভিঠা আৰক্ষী চকীৰ অন্তৰ্গত চানমামা গাঁৱত সংঘটিত এক নৃশংস হত্যাকাণ্ডক লৈ সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্য।

বৃহস্পতিবাৰে পুৱা দমকলত মুখ ধূই থকা অৱস্থাত কুলছুম বেগম নামৰ মহিলাগৰাকীক পিছ ফালৰ পৰা আহি স্বামীৰ পৰিয়ালে ডিঙি ৰেপি পুখুৰীত পেলাই দিয়ে।

খবৰ পাই কুলছুম বেগমৰ পিতৃ পৰিয়ালে কুলছুমক উদ্ধাৰ কৰি হস্পিতাললৈ লৈ যায় যদিও নিশা চানমামা আদৰ্শ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।

লগতে পঢ়কঃনাৰী নিৰ্যাতনৰ বিৰুদ্ধে কামপুৰত মহিলাৰ প্ৰতিবাদ

স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে,এই হত্যাকাণ্ড এক পৰিকল্পিত হত্যাকাণ্ড । হত্যাকাণ্ডৰ লগত জড়িত দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবলৈ দাবী জনাইছে ৰাইজে। কুলছুম বেগমৰ স্বামী আব্দুল আৱাল কৰ্ম সূত্ৰে বাহিৰত থাকে।

কুলছুম বেগমৰ পিতৃৰ পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিত শহুৰেক কেৰামত আলীক কলগাছিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply