মানকাচৰ : মানকাচৰৰ অসম-মেঘালয় সীমান্তৱৰ্তী অয়ডোৱাত কভিড প্ৰ’টকল মানি কালী পূজাৰ মেলা। মা কালীৰ ওচৰত কভিডৰ ভয়াবহ পৰিস্থিতিৰ পৰা পৰিত্ৰন বিচাৰি বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা ভক্তৰ।
ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাগতভাৱে প্ৰায় এশ বছৰ ধৰি চলি অহা মানকাচৰৰ অসম-মেঘালয় সীমান্তৱৰ্তী অয়ডোৱাত মঙলবাৰে পুৱাৰ পৰা সন্ধিয়া ৮ বজালৈ কালী পূজা মেলাৰ আয়োজন কৰা হয়। কভিডৰ ভয়াবহতাৰ পৰা বিশ্ববাসী মুক্তি দিয়াৰ লগতে বিশ্ব শান্তিৰ বাবে মা কালীৰ ওচৰত ভক্ত সকলে প্ৰাৰ্থনা জনোৱা পৰিলক্ষিত হয়।
বিগত প্ৰায় এশ বছৰ ধৰি অসম-মেঘালয় সীমান্তৱৰ্তী অয়ডোৱাৰ পাহাৰৰ ওপৰত থকা কালী মান্দিৰত প্ৰতি বছৰে কেইবা লক্ষাধিক ভক্তৰ সমাগমেৰে কালী পুজাৰ মেলা অনুষ্ঠিত হৈ আহিছে। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰো পাহাৰাৰ প্ৰতিটো প্ৰান্তৰ লগতে অসম তথা পশ্চিম বংগৰ পৰা প্ৰতি বছৰে এই মেলাত ৫ ৰ পৰা ১০ লক্ষাধিক ভক্তৰ সমাগম ঘটে।
মা’ৰ ওচৰত নিজৰ মনৰ মানসা পূৰণৰ উদ্দেশ্য ভক্ত সকলে মা’ক পাৰ চৰাই আগবঢ়াই প্ৰাৰ্থনা কৰাৰ পিছত মনৰ উদ্দেশ্য পূৰণ হয় বুলি গাৰো, হাজং সম্প্ৰদায়ৰ লোক সকলে বিশ্বাস কৰে। প্ৰতি বছৰে অয়ডোবাতলত কালী পূজাৰ সময়ত এক বিশাল মেলাৰ আয়োজন কৰা হয়। মেলাত ব্যৱসায়ী সকলে নতুন নতুন সামগ্ৰী বিক্ৰী কৰিবলৈ আহে।
যোৱা বছৰ কভিডৰ বাবে লকডাউনৰ সময়ত মেলাৰ আয়োজন কৰা হোৱা নাছিল যদিও কভিড প্ৰ’টকল মানি মেলা অভিহনে কালী পূজাৰ আয়োজন কৰা হৈছিল। এইবাৰো বহিঃৰাজ্যৰ পৰা ভক্ত সকলৰ আগমনৰ ক্ষেত্ৰত আয়োজন সকলে অনুমতি প্ৰদান নকৰাৰ লগতে কেৱল গাঁওখনৰ লগতে মানকাচৰৰ হাজং আৰু গাৰো সম্প্ৰদায়ৰ লোক সকলে অয়ডোবা পাহাৰত থকা কালী মন্দিৰত পূজা অৰ্চনা কৰি পৰম্পৰা ৰক্ষা কৰা পৰিলক্ষিত হৈছিল।
আনহাতে বিশ্বজুৰি কভিডে সৃষ্টি কৰা ভয়াবহতা যাতে আঁতৰি যায় তাৰ বাবে ভক্ত সকলে কালী পূজাৰ জৰিয়তে দেবীৰ ওচৰত পাৰ চৰাই আৰু পঠা বলি দি প্ৰাৰ্থনা জনায় ইয়াৰ লগতে বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা কৰে ভক্ত সকলে।