তেজপুৰ : কলীয়াভোমোৰা দলঙত ভয়ংকৰ দুর্ঘটনা। কলীয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰ নদীত পৰিল এখন ট্ৰাক। ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন সন্ধানহীন হৈ আছে। উদ্ধাৰ অভিযান অব্যাহত।
সোমবাৰে পুৱতি নিশা কলীয়াভোমোৰা দলঙত এক ভয়ংকৰ দুর্ঘটনা সংঘটিত হৈছে। কলীয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি এখন ট্ৰাক ব্ৰহ্মপুত্ৰ নদীত পৰিছে। নগাঁৱৰ পৰা তেজপুৰ অভিমুখে গৈ থকা এখন ট্ৰাক নিশা দলঙৰ ৰেলিং ভাঙি নদীত পৰে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।
লগতে পঢ়ক : চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে শ্ৰমিক সংগঠনৰ উত্তাল প্ৰতিবাদ
পুৱা একাংশ লোকে কলীয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে। ইয়াৰ পিছতে এছডিআৰএফ বাহিনী লোক ঘটনাস্থলীত উপস্থিত হৈ ব্ৰহ্মপুত্ৰৰ নদীত অভিযান আৰম্ভ কৰে। নদীত ট্ৰাক থকা বুলি এছডিআৰএফৰ ফালৰ পৰা জানিব পৰা গৈছে।