কলিয়াবৰঃ কলিয়াবৰৰ বুঢ়াপাহাৰৰ সমীপৰ দেওচুৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ৰৈ থকা ট্ৰাকত খুন্দা মাৰি জ্বলি উঠিল হুণ্ডাই গাড়ী।

দুৰ্ঘটনাত শিশুসহ এজন লোক নিহত হোৱাৰ লগতে ৫ লোক আহত হয়।

নিহতলোকজন জখলাবন্ধা ঠাকুৰবাৰীৰ চন্দন বাচাৰ(৫০)। নিজৰ ভাতৃৰ জোৰণ দিবলৈ গৈ দুৰ্ঘটনাত নিহত হ’ল লোকজন।

আহত কেইজন নন্দন বাচাৰ(৫৫), সুজিত বাচাৰ(৪২), চুমা বাচাৰ(৩৬), দীপা পাল(৪৮) আৰু নীৰৱ বাচাৰ(১বছৰ)। দুৰ্ঘটনাগ্ৰস্ত হুণ্ডাই গাড়ীখনৰ নম্বৰ এ এচ ০১ ই এক্স ২৫১৫ আৰু ট্ৰাকখনৰ নম্বৰ এ এচ ০১ এন চি ২৯৫১।

উল্লেখ্য যে, জখলাবন্ধাৰ ঠাকুৰবাৰীৰ পাপু বাচাৰ নামৰ যুৱকজনৰ বিবাহ উপলক্ষে জোৰনৰ অনুষ্ঠানৰ বাবে জখলাবন্ধাৰ পৰা কুঠৰীৰ কইনা গৃহলৈ যাত্ৰা কৰিছিল বাচাৰ পৰিয়ালৰ ৬ জন লোক। বুঢ়াপাহাৰৰ সমীপৰ দেওচুৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত এখন ট্ৰাকক অ’ভাৰটেক কৰিবলৈ গৈ ট্ৰাকখনত খুন্দা মাৰে বাহন খনে। এই দুৰ্ঘটনাটোৰ কিছু সময়ৰ পিছতে দাউ দাউকৈ জ্বলি উঠে হুণ্ডাই গাড়ীখন।

লগতে পঢ়কঃকচুৱাৰ গৰঙাআটিৰ পিংকী বৰুৱাৰ হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

অৱশ্যে বাহনখন জ্বলি উঠাৰ পূৰ্বে গাড়ীত আবদ্ধ হৈ পৰা লোকসকলক বাহিৰলৈ অনা হয় । স্থানীয় লোকৰ সহযোগত লোককেইজনক জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও তাৰে চন্দন বাচাৰ নামৰ লোকজনক নিহত বুলি ঘোষণা কৰে চিকিৎসকে। আনহাতে আহতসকলক উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰা হয়।

আনহাতে, এই দুৰ্ঘটনাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা অৱস্থাত দুৰ্ঘটনাত পতিত হয় কলিয়াবৰৰ এজন সাংবাদিক গৌতম বৰা। বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়ত জখলাবন্ধাৰ বাঘজানত তেওঁ চলাই যোৱা ৱেগনাৰ খন এখন ট্ৰাকৰ লগত সংঘৰ্ষ হয়। ফলত গুৰুতৰ ভাৱে আহত হয় সাংবাদিক গৌতম বৰা। আহত সাংবাদিকজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply