কলিয়াবৰ: দুটা বছৰে কোৰোনাকালীন সময়ৰ বাবে বন্ধ হৈ থকা অংগনবাড়ী কেন্দ্ৰসমূহলৈ আহিছে আশাৰ বতৰা। অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে যোৱা ১ মাৰ্চৰ পৰা অংগনবাড়ী কেন্দ্ৰ সমূহ খোলাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে।
কলিয়াবৰতো জিলা সমাজ কল্যাণ বিষয়া তথা পশ্চিম কলিয়াবৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া ৰূবী কলিতাৰ পৰিচালনাত শুকুৰবাৰে “অংগনবাড়ী কেন্দ্ৰলৈ যাঁও ব’লা” শীৰ্ষক এক কাৰ্যসূচী ৰূপায়ন কৰা হয়।
এই শোভাযাত্ৰা কাৰ্যসূচী হিচাপে হালোৱা গাঁও, মিছামুখ, কেলিডেনৰ লগতে মাজগাঁও অংগনবাড়ী কেন্দ্ৰলৈ শোভাযাত্ৰা আৰম্ভ কৰা হয়। এই কাৰ্যসূচীত নগাঁও জিলা সমাজ কল্যাণ বিষয়া তথা পশ্চিম কলিয়াবৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া ৰূবী কলিতা, অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ উপৰিও অংগনবাড়ী কেন্দ্ৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াকে প্ৰমূখ্য কৰি শিশু, বৃদ্ধা মহিলা, যুৱতী আৰু মাতৃ সকলে অংশ গ্ৰহণ কৰে।