কলিয়াবৰঃ গৰুৰ অবৈধ ছিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ কলিয়াবৰ আৰক্ষী ৷ অবৈধ গৰুৰ বেহাৰ বিৰুদ্ধে কলিয়াবৰ আৰক্ষীয়ে ধাৰাবাহিক অভিযান অব্যাহত ৰখাৰ সময়তে জখলাবন্ধা আৰক্ষীয়ে অভিযান চলাই ২৫টা গৰুসহ এখন ট্ৰাক আৰু গৰু সৰবৰাহৰ লগত জড়িত দুজনক আটক কৰে।
আটকাধীন লোক দুজন কঁহৰা পানবাৰীৰ ছিৰাজুল ইছলাম আৰু ৰাজুল ভূমিজ বুলি চিনাক্ত কৰা হৈছে ৷
লগতে পঢ়কঃআৰম্ভ হ’ল কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰৰ শুনানি
জানিব পৰা মতে গৰু ব্যৱসায়ী চক্ৰই গৰুকেইটা গোলাঘাটৰ পৰা যোৰাবাটলৈ নিয়াৰ যো-জা চলোৱাৰ সময়তে জখলাবন্ধা থানাৰ সন্মুখত আৰক্ষীয়ে নাকাবন্দী চলাই গৰু ভৰ্তি ট্ৰাকসহ লোক দুজনক আটক কৰিবলৈ সক্ষম হয় ৷ জব্দ কৰা ট্ৰাকখনৰ নম্বৰ এ এছ ০২ এ চি ৫৫৫৫।