কলিয়াবৰঃ কলিয়াবৰৰ বৰভগীয়া গাঁৱৰ নিবাসী সংস্কৃতিবান পৰিয়ালৰ উদীয়মান শিল্পী বিভূতি শইকীয়া যোৱা ৯ মাৰ্চত জখলাবন্ধা সমীপৰ সৰুভগীয়াত এক দুৰ্ঘটনাত পতিত হৈ হাস্পতালত চিকিৎসাধীন হৈ থকাৰ পাছত সোমবাৰে বিয়লি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ২৫ বছৰ।

সংস্কৃতিবান মনৰ অধিকাৰী অমায়িক যুৱক জনৰ মৃত্যুত সমগ্ৰ কলিয়াবৰ অঞ্চলতে গভীৰ শোকৰ ছাঁ পৰে। উল্লেখ্য যে, দুৰ্ঘটনাত পতিত হোৱাৰ পাছতেই উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ অনা হৈছিল যদিও ১২ দিন ধৰি তেওঁ চিকিৎসাধীন হৈ আছিল। আৰ্থিক ভাৱে জুৰুলা পৰিয়ালটোক বিভিন্ন লোকে সহায়ৰ হাত আগবঢ়াইছিল।

শিশু কালৰে পৰা অংকীয়া নাট ভাওনাত জড়িত হৈ পৰা বিভুতি এগৰাকী প্ৰকৃত শিল্পী হিচাপে সমাজত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ মৃত্যুত কলিয়াবৰৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁৰ মৃত্যুত শিল্পী সমাজে কলিয়াবৰে এটি সম্পদক হেৰুৱালে বুলি মন্তব্য কৰিছে। মৃত্যুৰ সময়ত তেওঁৰ পিতৃ মাতৃ ক্ৰমে গগন শইকীয়া আৰু বিভা শইকীয়াকে ধৰি এটি বৃহৎ পৰিয়াল এৰি থৈ গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply